Rupaliparda.com
দিল্লীৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি "ৰাগ-দা ৰিদম অৱ লভ"- 1

দিল্লীৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি “ৰাগ-দা ৰিদম অৱ লভ”-

২০১৪ চনত মুক্তিপ্ৰাপ্ত অসমীয়া “ৰাগ-দা ৰিদম অফ লভ” ছবিখন কেইবাগৰাকীও জনপ্ৰিয় অসমীয়া শিল্পীৰ অভিনয়েৰে নিৰ্মিত কৰা হৈছিল। ৰজনী বসুমতাৰীৰ কাহিনী, চিত্ৰনাট্য তথা পৰিচালনাৰে নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিছিল ২০১৪ চনত।

দিল্লীৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি "ৰাগ-দা ৰিদম অৱ লভ"- 2


কেইবাটাও ভিন্ন ক্ষেত্ৰত পাৰ্গত চৰিত্ৰৰ সৈতে আগবঢ়োৱা হৈছে ছবিখনৰ কাহিনীভাগ। এগৰাকী শাস্ত্ৰীয় কন্ঠশিল্পী, এজন চিত্ৰশিল্পী, বেচৰকাৰী খণ্ডত কৰ্মৰত এগৰাকী বিষয়া লগতে এজন বাঁহীবাদকৰ জীৱনযাত্ৰা তথা জীৱন দৰ্শনৰ কাহিনীৰে আৰম্ভ কৰা হৈছে ছবিখনৰ কাহিনীভাগ।

দিল্লীৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি "ৰাগ-দা ৰিদম অৱ লভ"- 3


দিল্লীৰ বিভিন্ন লোকেশ্বনত চিত্ৰগৃহণৰ কাম সম্পন্ন হোৱা এই ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, জেৰিফা ৱাহিদ, কেনী দেউৰী বসুমতাৰী আৰু কপিল বৰাই। অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ প্ৰযোজনাৰ এই ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰিছে অৱিনাশ ৱাঘেলে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.