আগন্তুক সঞ্জয় গুপ্তাৰ ছবি “মুম্বাই সাগা” ই মুক্তিৰ পূৰ্বেই উৎসাহিত কৰি ৰাখিছে দৰ্শকক। ছবিখনত কেইবাখনো জনপ্ৰিয় মুখ দেখিবলৈ পোৱা যাব। ছবিখনত মূখ্য চৰিত্ৰ এটিত অভিনীত জন আব্ৰাহামৰ ইতিমধ্যে মুক্তি লাভ কৰিছে ফাৰ্ষ্ট লুক পোষ্টাৰ।


পূৰ্বতে দেখিবলৈ নোপোৱা এটা লুকত দেখিবলৈ পোৱা গৈছে অভিনেতা জন আব্ৰাহামক। পৰিচালক সঞ্জয় গুপ্তাই টুইটাৰ যোগে এক পোষ্ট কৰি এই পোষ্টাৰ খন দৰ্শকৰ মাজত উলিয়াই দিয়ে। ১৯৮০-৯০ দশকৰ মুম্বাই (বোম্বে) ৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখন কিছু সঁচা ঘটনাৰ ওপৰত আধাৰিত।
এই “গেংগষ্টাৰ-ড্ৰামা” ধৰ্মী ছবিখনত অভিনয় কৰিছে জন আব্ৰাহাম, ইমৰাণ হাশমী, সুনীল ছেট্টী, জেকী শ্ৰফ, আমোল গুপ্তা, প্ৰতীক বব্বৰ, গুলশন কুমাৰ আৰু ৰোহিতে।
Add comment