নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত শিল্পী গণ সমাৰোহত কেইবাগৰাকীও অসমীয়া শিল্পীক দেখিবলৈ পোৱা গৈছিল। এনে প্ৰতিবাদত মূখ্য ভূমিকাত আগ-ভাগ লয় অভিনেতা ৰবি শৰ্মাই। বিজেপি দলৰ পৰা পদত্যাগ লোৱাৰ পিছতেই ৰবি শৰ্মাই এই প্ৰতিবাদত আগ-ভাগ লয়।

বিগত ৯ টা দিনৰ পিছত মোবাইল ইন্টাৰনেট সেৱা মুকলি কৰা পিছতেই চচিয়েল মিডিয়াত “কা” বিৰোধী বিভিন্ন পোষ্ট দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে, ৰবি শৰ্মাই আকৌ এবাৰ ইনষ্টাগ্ৰাম যোগে এটা পোষ্ট দিয়ে; য’ত তেওঁ স্পষ্ট ভাৱে এই জাতিদ্ৰোহী বিধেয়কখন মানি নোলোৱাৰ কথা ব্যক্ত কৰে।
1 comment