Rupaliparda.com

“দ্ৰৌপদী” ছবিত কি হ’ব ঋত্বিকৰ চৰিত্ৰ?? ক’লে দীপিকাইঃ

ঋত্বিক ৰোশন তথা দীপিকা পাডুকনে তেতিয়াৰ পৰাই চৰ্চা লাভ কৰিছে যেতিয়াৰ পৰাই ঋত্বিকে দীপিকাৰ মুখত চকলেট লগাইছিল আৰু এই ভিডঅ’টি ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। ইয়াৰ উপৰিও দীপিকা পাডুকনে “ওৱাৰ” ছবিখনত ঋত্বিক ৰোশনে কৰা অভিনয়ৰো যথেষ্ট প্ৰশংসা কৰিছে।

"দ্ৰৌপদী" ছবিত কি হ'ব ঋত্বিকৰ চৰিত্ৰ?? ক'লে দীপিকাইঃ 1


তেওঁলোকৰ অফ-স্ক্ৰীন কেমেষ্ট্ৰী দৰ্শকে ইমানেই ভাল পাইছিল যে তেওঁলোকৰ অন-স্ক্ৰীন কেমেষ্ট্ৰী চাবলৈও দৰ্শক আগ্ৰহী হৈ পৰিছিল। জানিব পৰা মতে, দীপিকাৰ ছবি “দ্ৰৌপদী” ত ঋত্বিকে কৃষ্ণৰ তচৰিত্ৰ ৰূপায়ন কৰিব বুলি কোৱা হৈছিল। কিন্তু ইয়াক একাষাৰে নাকচ কৰে অভিনেত্ৰী দীপিকাই।

"দ্ৰৌপদী" ছবিত কি হ'ব ঋত্বিকৰ চৰিত্ৰ?? ক'লে দীপিকাইঃ 2


অভিনেত্ৰী গৰাকীৰ মতে, এই সমূহ উৰা বাতৰি; বৰ্তমানেও ঋত্বিক এই ছবিখনত জড়িত হোৱা নাই বুলি কোৱাৰ লগতে দীপিকাই কয় যে,”দ্ৰৌপদী” ৰ এতিয়াও স্ক্ৰীপ্ট ৰ কাম চলি আছে আৰু এগৰাকী প্ৰতিভাৱান পৰিচালকৰ সন্ধান কৰি আছে সকলোৱে। যেতিয়া পৰিচালক পাবলৈ সক্ষম হ’ব তেতিয়াই ছবিখনৰ কাম আগবাঢ়িব বুলি জনাইছে দীপিকাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.