Rupaliparda.com
নৱবৰ্ষত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে ৰাজকুমাৰ ৰাওঁঃ 1

নৱবৰ্ষত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে ৰাজকুমাৰ ৰাওঁঃ

২০১০ চনত মুক্তিপ্ৰাপ্ত বলীউড ছবি “ৰণ” ৰ পৰা নিজ কেৰিয়াৰৰ আৰম্ভণি কৰা ৰাজকুমাৰ ৰাওঁয়ে বিগত দহ বছৰত নিজ অভিনয়েৰে বহু দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈ পৰিছে। কেইবাখনো চুপাৰহিট ছবিৰে অভিনেতা গৰাকীয়ে এজন সুদক্ষ শিল্পী ৰূপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

নৱবৰ্ষত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে ৰাজকুমাৰ ৰাওঁঃ 2


ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎ কাৰত অভিনেতা গৰাকীয়ে ছবি “জৰ্জমেন্টেল হে ক্যা” ত এক ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ন কৰা বুলি কোৱাৰ লগতে তেওঁ কয় যে “মই কেতিয়াও ছবি সমূহ বস্ক অফিচৰ বাবে নকৰো, ছবিৰ কাহিনীয়ে মোক উৎসাহিত কৰিব পাৰিব লাগিব। উক্ত ছবিখনে মোক সেই চৰিত্ৰটো কৰিবলৈ সুবিধা দিলে; যাক দৰ্শকেও যথেষ্ট পচন্দ কৰিছে।”

নৱবৰ্ষত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে ৰাজকুমাৰ ৰাওঁঃ 3


ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে নৱবৰ্ষত আহিবলগীয়া কিছু ছবিৰো উল্লেখ কৰি নিজৰ মত ব্যক্ত কৰে। পোনপ্ৰথমবাৰৰ ৰাজকুমাৰ ৰাওঁয়ে ৰোমিন বহৰানীৰ নিৰ্দেশনাত নিৰ্মিত হলীউড ছবি “দা ৱাইট টাইগাৰ” ত অভিনয় কৰিবলৈ সুবিধা লাভ কৰিছে। তেওঁৰ আহিবলগীয়া বলীউড ছবিসমূহতো তেওঁৰ চৰিত্ৰবোৰ ইটোৰ লগত সিটোৰ মিল নাই বুলি মন্তব্য প্ৰকাশ কৰে। গতিকে, ক’বলৈ গ’লে নতুন বছৰত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে আগবাঢ়িছে ৰাজকুমাৰ ৰাওঁ।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.