Rupaliparda.com
টেকনল'জিৰে আদৰিলে নৱবৰ্ষকঃ "অৱতৰণ"-এ আকৰ্ষিত কৰিছে দৰ্শকক- 1

টেকনল’জিৰে আদৰিলে নৱবৰ্ষকঃ “অৱতৰণ”-এ আকৰ্ষিত কৰিছে দৰ্শকক-

নতুন বৰ্ষটো মুক্তি পাবলগীয়া ছবিসমূহৰ ভিতৰত উল্লেখযোগ্য এখন ছবি হৈছে ৮ বছৰীয়া পৰিকল্পনাৰে নিৰ্মিত “অৱতৰণ”। চলিত মাহৰ ৮ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখন তিনিটা যুগ অৰ্থাৎ ভূত, বৰ্তমান, ভৱিষ্যতৰ কাহিনীক একত্ৰিত কৰি নিৰ্মিত কৰা হৈছে।

টেকনল'জিৰে আদৰিলে নৱবৰ্ষকঃ "অৱতৰণ"-এ আকৰ্ষিত কৰিছে দৰ্শকক- 2


টেকন’লজিৰ ভৰপূৰ সমাৱেশ ঘটা এই ছবিখনে দৰ্শকৰ আকৰ্ষণৰ প্ৰচেষ্টাত বিভিন্ন ব্যতিক্ৰমী পোষ্ট কৰাও দেখিবলৈ পোৱা গৈছে। ইংৰাজী নতুন বছৰটোক আদৰাৰ লগতে ৰাইজক ইয়াৰ শুভকামনা জনাবলৈ প্ৰস্তুত কৰা এই ভিডিঅ’ই ছবিখনক লৈ আকৌ এবাৰ দৰ্শকক উৎসাহিত কৰি তুলিছে। চাওঁক এই ভিডিঅ’-

টেকনল'জিৰে আদৰিলে নৱবৰ্ষকঃ "অৱতৰণ"-এ আকৰ্ষিত কৰিছে দৰ্শকক- 3


বিগত ৮ টা বৰ্ষৰ পৰাই এই ছবিখনক পূংখানুপূংখভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে “অৱতৰণ” ৰ লিখক তথা পৰিচালক তৰুণাভ দত্তই। টি.ডি ফিল্ম ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে ৰীমা কাইফ, অনন্যা পৰাশৰ, দেৱ্যাম শ্বীল, গোৱিন্দ মালাকৰ, ৰিম্পী দাস, সৌৰভ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া আৰু সমীৰ ৰঞ্জনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.