চলিত মাহৰ ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া “কলিংগ গ্লোৱেল ছবি মহোৎসৱ” ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে কেইবাখনো চুটি ছবিৰ নিৰ্মাতা আৰু সমালোচক উৎপল দত্তৰ শেহতীয়াকৈ নিৰ্মিত চুটি ছবি “বহুবৃত্ত”। অসম চৰকাৰৰ উচ্চপদস্থ প্ৰশাসনীয় বিষয়া আৰু লেখক স্বপ্না দত্তৰ একে নামৰ কবিতাৰ ভেঁটিত নিৰ্মাণ কৰা হৈছে উক্ত চুটি ছবিখন।

“বহুবৃত্ত” হৈছে ৯ মিনিট ৩ চেকেণ্ডৰ এখন চুটি ছবি; যাৰ কাহিনীভাগ এটা কবিতাৰ শব্দৰ আশে পাশে বিস্তৃত ভাৱে ঘূৰে। কবিতাৰ চিন্তাক ছবিখনৰ দৃশ্যত ধৰি ৰখাৰ চেষ্টা কৰা হৈছে আৰু ইয়াক চিত্ৰণত পৰিচালক তথা চিত্ৰগ্ৰহণকাৰী সফল বুলি ইতিমধ্যে ছবিখনক উদ্দেশ্যি বহুলোকে মন্তব্য প্ৰদান কৰিছে।

“বহুবৃত্ত” ইণ্ডিয়ান পেনেৰোমা এৱাৰ্ডছ ইন গোৱা” আৰু “কৌটিক ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল” ত প্ৰদৰ্শিত হৈ কেইবাগৰাকীও সমালোচকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

“বহুবৃত্ত” ৰ মূখ্য চৰিত্ৰত অভিনীত প্ৰণামী বৰাই তেওঁৰ অভিনয়ৰ কৌশলৰে কবিতাটিক আৰু অধিক জীৱন্ত কৰি তুলিছে লগতে ইয়াত সহযোগ কৰা দেখা গৈছে ছবিখনৰ আন এক মূল চৰিত্ৰত অভিনীত উদয়ন দুৱৰাকো।
Add comment