সঞ্জয় লীলা ভঞ্চালিৰ আগন্তুক ছবি “গংগুবাই কাঠিয়াবাড়ী” ৰ মুকলি কৰা হ’ল ফাৰ্ষ্ট মোশ্বন পোষ্টাৰ। আলিয়া ভাট অভিনীত এই ছবিখনৰ মোশ্বন পোষ্টাৰখন অভিনেত্ৰী গৰাকীয়ে নিজ চচিয়েল মিডিয়াত পোষ্ট কৰে।
পোষ্টাৰখনৰ শেষত উক্ত ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ কেতিয়াকৈ মুকলি কৰা হ’ব তাক আনুষ্ঠানিকভাৱে জনোৱা হৈছে। ১৫ জানুৱাৰী তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ পোষ্টাৰৰ বাবে এতিয়া অপেক্ষাৰত বহু দৰ্শক।


উল্লেখ্য যে, “গংগুবাই কাঠিয়াবাড়ি” ৰ বাবে অভিনেত্ৰী আলিয়াই ট্ৰেইনিং লৈ থকা দেখিবলৈ পোৱা গৈছে। এই ছবিখন চলিত বৰ্ষৰ ১১ ছেপ্তেম্বৰ তাৰিখে মুক্তি লাভ কৰিব।
Add comment