ছেইফ আলি খান আৰু অমৃতা সিঙৰ জীয়ৰী সাৰা আলি খানে নিজ কেৰিয়াৰ আৰম্ভণিতে কৰা দুয়োখন ছবিৰ দ্বাৰাই দৰ্শকৰ মন-মগজুত নিজৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হৈ পৰিছিল। এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী হোৱাৰ লগতে তেওঁ কোৱা কথা সমূহেও দৰ্শকক আকৰ্ষিত কৰিছিল। ইতিমধ্যে তেওঁৰ আহিবলগীয়া ছবি “লভ আজ কল” ৰ ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে; যিয়ে দৰ্শকৰ মিশ্ৰিত মন্তব্য লাভ কৰিছে।


সমান্তৰালকৈ, ছবিখনত অভিনীত কাৰ্তিক আৰিয়নৰ সৈতে অভিনীত সাৰাৰ প্ৰেমৰ চৰ্চাও নোহোৱাকৈ থকা নাই। কিন্তু, এই সন্দৰ্ভত যেতিয়া সাৰাক এনে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ উত্তৰত নিজৰ কেৰিয়াৰক অধিক প্ৰাধান্য দিওঁ বুলি একাষাৰে কয়। তেওঁ কয় যে, “ছবিখনত থকা জোইৰ চৰিত্ৰটো আজিৰ যুৱপ্ৰজন্মক দেখুৱাইছে; কিন্তু তাত জোই এষাৰ কথা কয় যে , তাইৰ বাবে নিজৰ কেৰিয়াৰ বহুত মহত্বপূৰ্ণ। ঠিক তেনেদৰে, মোৰ বাবেও মোৰ কেৰিয়াৰ মহত্বপূৰ্ণ।”।
Add comment