Rupaliparda.com
মুক্তি পালে "শুভ মংগল জ্যাদা সাৱধান" ৰ ট্ৰেইলাৰঃ 1

মুক্তি পালে “শুভ মংগল জ্যাদা সাৱধান” ৰ ট্ৰেইলাৰঃ

আকৌ এবাৰ ব্যতিক্ৰমী ৰূপেৰে অভিনেতা আয়ূসমান খুৰানা। ২০১৯ বৰ্ষটোত নিজ ছবিৰে জনপ্ৰিয়তা লাভ কৰাৰ পিছত আকৌ এবাৰ ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক। তেওঁৰ আগন্তুক ছবি “শুভ মংগল জ্যাদা সাৱধান” ৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ট্ৰেইলাৰ। ট্ৰেইলাৰ মুক্তিৰ পিছতেই ই এতিয়া ট্ৰেণ্ড কৰিছে ইউটিউব তথা চচিয়েল মিডিয়াত। “গে” সমূহৰ প্ৰেম কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন।

https://www.instagram.com/p/B7iLGvQBuyD/?utm_source=ig_web_copy_link


হিতেশ কেবল্যৰ দ্বাৰা পৰিচালিত এই ছবিখন আয়ূসমান আৰু ভূমি পেডনেকৰ অভিনীত “শুভ মংগল সাৱধান” ৰ চিকুৱেল ছবি হয়। ২১ ফেব্ৰুৱাৰী তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনক লৈ বৰ্তমান উৎসাহিত হৈ উঠিছে দৰ্শক সকল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.