Rupaliparda.com
মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত ছবি "লখিমী" ৰ টিজাৰঃ 1

মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত ছবি “লখিমী” ৰ টিজাৰঃ

বিশ্বজিৎ বৰাৰ কাহিনী, চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰে শেহতীয়াকৈ নিৰ্মিত ছবি “লখিমী” ৰ ইতিমধ্যে মুক্তি লাভ কৰিলে টিজাৰ। ২০০২ চনৰ পৰা পৰিচালক ৰূপে নিজ কেৰিয়াৰ আৰম্ভ কৰা বিশ্বজিৎ বৰাৰ এই ছবিখনত থাকিব ৰাজনৈতিক ক্ষেত্ৰত ঘটা বিভিন্ন ঘটনা-পৰিঘটনা। ৰাজনৈতিক ক্ষেত্ৰৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত “লখিমী” ত দৰ্শকে দেখিবলৈ কেইবাখনো ন-পূৰণি মুখ।

মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত ছবি "লখিমী" ৰ টিজাৰঃ 2


আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে। “লখিমী” ত প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বত আছে অসীম শইকীয়া। ইয়াৰ উপৰিও ছবিখনত তিনিখন ন-মুখৰ আগমণ ঘটিছে সেইকেইজন হ’ল ক্ৰমে আমেৰিকাস্থিত লোভা চিৰলা লগতে পৰিচালক দীনেশ গগৈৰ কন্যা স্বাধীনতা গগৈকো প্ৰথমবাৰৰ বাবে ছবিখনত দেখিবলৈ পাব দৰ্শকে আৰু ইয়াৰ উপৰিও পোন প্ৰথমবাৰৰ বাবে মুম্বাইস্থিত অসম সন্তান মডেল গীতাৰ্থ বৰাই অভিনয় কৰিছে উক্ত ছবিখনত।


চলিত বৰ্ষৰ ২৪ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত ৰাজ্য চৰকাৰৰ অতুল বৰাইও এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে। বিশ্বজিৎ বৰাৰ এই আগন্তুক প্ৰকল্পৰ বাবে ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা। ৯৪ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনক লৈ খুবেই আশাবাদী কৰ্মকতা সকল।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform