Rupaliparda.com
চচিয়েল মিডিয়াত "ট্ৰেণ্ডিং" চুমি বৰাৰ নৃত্যঃ 1

চচিয়েল মিডিয়াত “ট্ৰেণ্ডিং” চুমি বৰাৰ নৃত্যঃ

বলীউডৰ অভিনেতা-অভিনেত্ৰী সমূহৰ একোটাকৈ ব্যক্তিগত ভাৱে থকা ইউটিউব চেনেল নিশ্চয় আপোনালোকে দেখিছে। য’ত তেওঁলোকে নিজৰ কথা ব্যক্ত কৰা লগতে কিছুমান নিজৰ নৃত্য তথা অইন কাৰ্য-কলাপৰ আপডেটসমূহ দৰ্শকক দি থকাৰ চেষ্টা কৰে। কিন্তু বৰ্তমান ব্যক্তিগত ভাৱে ইউটিউব চেনেল খুলি সমাদৰ বুটলি থকা তাৰকা কেৱল বলীউডতেই নাই; আছে আমাৰ অসমীয়া তাৰকা সকলৰ মাজতো।

চচিয়েল মিডিয়াত "ট্ৰেণ্ডিং" চুমি বৰাৰ নৃত্যঃ 2


আমি আজি আপোনালোকক এগৰাকী এনে অভিনেত্ৰী নাম ক’ম যি গৰাকীক আপোনালোকে ইতিমধ্যে দীক্ষুৰ গীত “পাৰিজাত” ত দেখিছে।নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা এই গৰাকী চুমি বৰাই প্ৰতিভাৱান নৃত্য শিল্পী ৰূপেও দৰ্শকৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছে। তেওঁ নিজে কৰিঅ’গ্ৰাফ কৰা কেইটিমান গীতৰ নৃত্য ভিডিঅ’ই এতিয়া লাখ লাখ ভিউৱাৰচ অতিক্ৰম কৰিছে।

চচিয়েল মিডিয়াত "ট্ৰেণ্ডিং" চুমি বৰাৰ নৃত্যঃ 3


উল্লেখ্য যে, সুবাসনা দত্তৰ কন্ঠৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “মইনাকণ বাখৰ” ত চুমিয়ে নিজ কৰিঅ’গ্ৰাফীৰে কৰা নৃত্যৰ ভিডিঅ’টি আকৌ এবাৰ ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। চাওঁক এই ভিডিঅ’টিঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.