Rupaliparda.com
"হেটাৰ্ছ" লৈ অনুপম খেৰৰ প্ৰতিউত্তৰঃ 1

“হেটাৰ্ছ” লৈ অনুপম খেৰৰ প্ৰতিউত্তৰঃ

কিছু সময়পূৰ্বে বলীউড অভিনেতা অনুপম খেৰ আৰু নসীৰুদ্দিন শাহৰ মাজত CAA তথা NRC ক কেন্দ্ৰ কৰি হোৱা কথা-বতৰা সমূহৰ বাবে কথাৰ কটা-কটি হোৱা দেখিবলৈ পোৱা গৈছিল। এনে কথাৰ কটা-কটিৰ মাজতে নসীৰুদ্দিন শাহে অনুপম খেৰক “জকৰ” বুলি আখ্যা দিয়ে আৰু ইয়াৰ প্ৰতিউত্তৰ দিবলৈয়ে অনুপম খেৰে নসীৰুদ্দিন শাহক উদ্দেশ্যি এক ভিডিঅ’ চচিয়েল মিডিয়াত আপলোড কৰে; তাৰ পিছতেই তেওঁ বৰ্তমান আৰু অন্য এক ভিডিঅ’ৰ বাবে চৰ্চিত হৈ পৰিছে।

"হেটাৰ্ছ" লৈ অনুপম খেৰৰ প্ৰতিউত্তৰঃ 2
https://twitter.com/AnupamPKher/status/1219973369564626946


অনুপম খেৰ উক্ত টুইটটোৰ বাবে চৰ্চা লাভ কৰাৰ লগতে তেওঁৰ এই টুইটটোৰ প্ৰশংসাও কৰিছে বহু লোকে। অনুৰাগীয়ে অনুপম খেৰক “সিংহ” আখ্যা দিয়ে তথা কয় যে এই ভিডিঅ’টোৱে অনুপম খেৰক বেয়া পোৱা লোকসকলৰ গালত একোটা চৰ হিচাপে পৰিব।


উল্লেখ্য যে, অনুপম খেৰৰ এই ভিডিঅ’টোত বহু বলীউড চিলেব্ৰটীয়ে লগ দিছে। আনহাতে অভিনেতা অনুপম খেৰক সমাজৰ বিভিন্ন ক্ষেত্ৰত মাত মতা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.