১৯৬৮ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “সংগ্ৰাম”। অমৰ পাঠকৰ কাহিনী, চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনত বিধৱা আৰু দৰিদ্ৰ মাতৃ তথা পুতেক ৰঞ্জিতৰ সংগ্ৰামৰ কাহিনী দেখুওৱা হৈছে। বানপানী আৰু গৰাখনীয়াৰ দ্বাৰা হোৱা অপকাৰ তথা আভিজাত্যৰ ৰঙীণ পৃথিৱীৰ মাজত হেৰাই ৰঞ্জিতে তেওঁৰ প্ৰেয়সীৰ আবেদনকো যেতিয়া উপেক্ষা কৰে তেতিয়া তেওঁৰ প্ৰেয়সীয়ে ওলোটাই অপকাৰ কৰাৰ কথা চিন্তা কৰে।


পিছলৈ ৰঞ্জিতে প্ৰেয়সীৰ পিতৃৰ তাতেই চাকৰি পাই যদিও স্বাৰ্থপৰ কিছুলোকৰ চকু লাগি ৰঞ্জিতৰ সকলো আশা চুৰমাৰ হৈ পৰিছিল। ৰঞ্জিতৰ সংগ্ৰামেৰে নিৰ্মিত এই ছবিখন তেতিয়াৰ এখন সফল ছবি বুলি ক’ব পৰা যায়।

ছবিখনত অভিনয় কৰিছে বিদ্যা ৰাও, নিপন গোস্বামী, প্ৰদীপ ভূঞা, ৰাজেন দাস, শ্যামলী চেটাৰ্জী, জোনালী দুৱৰা, ৰজনী গুপ্তা, পূণ্য দাস, কল্যাণ চেটাৰ্জী, আব্দুল হক চৌধুৰী, গিৰিশ দাস, তিলক দুৱৰা আৰু প্ৰতিভা দাসে।
Add comment