১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এখন অন্যতম কলা-বগা অসমীয়া ছবি হৈছে “ধুমুহা”। ফণী শৰ্মাৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। ড° ভূপেন হাজৰিকাকো অতিথি শিল্পী ৰূপে কিছু সময়ৰ বাবে উক্ত ছবিখনত দেখিবলৈ পোৱা যায়।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত অসমীয়া ব্যৱসায়ী এগৰাকীৰ পুত্ৰৰ কাহিনীৰে আগবাঢ়ে ছবিখনৰ কাহিনীভাগ। দূৰ্ভাগ্য বশতঃ ব্যৱসায়ী জনৰ পৰিয়ালবৰ্গ জাপানৰ আগ্ৰাসনৰ প্ৰকোপত অসমলৈ উভতি আহে যদিও তেওঁলোকৰ হাতৰ পৰা হেৰাই যায় তেওঁলোকৰ পুত্ৰ “পোনা”। পিছলৈ, এই “পোনা” ডাঙৰ হৈ ব্যৱসায়ীজনৰ ঘৰতেই অৰ্থাৎ নিজ পিতৃ-মাতৃৰ তাত লগুৱা ৰূপে থাকিবলৈ লয়। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।

ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা,তুলসী দাস, চন্দ্ৰধৰ গোস্বামী, হিতেশ্বৰ মহন্ত, কুলেন গোস্বামী, দুলাল গোস্বামী, অমলেন্দু বাগছি, দূৰ্লভ শইকীয়া, দয়াল দত্ত, তৰুণ দুৱৰা আৰু চামছুল হুদায়ে।
Add comment