জনপ্ৰিয় ৰিয়েলিটী শ্ব “বিগ বছ” উপভোগ কৰিবলৈ প্ৰত্যেকটো বছৰে জনসাধাৰণক অপেক্ষা কৰা দেখিবলৈ পোৱা যায়। এই শ্ব’টোৰ বিগত ১২ টা সংস্কৰণৰ তুলনাত এইবাৰৰ সংস্কৰণটোক জনসাধাৰণে অধিক পচন্দ কৰা দেখা গৈছিল; যাৰ ফলত “বিগ বছ” আৰু ৫ টা সপ্তাহ অধিক সম্প্ৰচাৰ কৰা নিৰ্দেশ দিয়া হয়।

কিন্তু, এইবাৰৰ সংস্কৰণটোৱে যিমান দৰ্শকক আকৰ্ষিত কৰিছে তাতকৈ অধিক দৰ্শকক অশান্তি দিয়াহে পৰিলক্ষিত হৈছে। শ্ব’টো প্ৰচাৰ হৈ থকা সময়ত বিভিন্ন জনে অশান্তিত টিভিৰ চেনেল সলনি কৰি দিয়া কথাও স্বয়ং ৰিয়েলিটী শ্ব’টোৰ হোষ্ট ছলমান খানে কৈছে। এনে হোৱাৰ তিনিটা কাৰণ হ’ল ক্ৰমেঃ

১. গালি-শপনিঃ আগৰ তুলনাত এইবাৰৰ চিজনত ইজনে-আনজনক অধিক গালি-শপনি দিয়া দেখা গেছে।
২.মাৰ-পিতঃ ৰিয়েলিটী শ্ব’ টোত কোনো প্ৰতিদ্বন্দিয়ে ইজনে আনজনৰ গাত হাত দিব নোৱাৰে বুলি কোৱা থাকে যদিও “বিগ বছ ১৩” ত প্ৰায়ে ইয়াৰ উলংঘন কৰা দেখা গৈছে।

৩. অসফল “টাক্স”- “বিগ বছ ১৩” ত প্ৰতিদ্বন্দি সকলক এটাও “টাক্স” সূচাৰুৰূপে কৰা দৰ্শকে চাবলৈ পোৱা নাই। যেতিয়াই দৰ্শকে মনোৰঞ্জন হ’বলৈ আৰম্ভ কৰে তেতিয়াই শ্ব’ টোত কাজিয়াৰ সৃষ্টি হয়।
1 comment