Rupaliparda.com
ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱৈৰ ৰূপত তাপসি পান্নুঃ 1

ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱৈৰ ৰূপত তাপসি পান্নুঃ

তাপসি পান্নুৰ আহিবলগীয়া ছবি “ছাব্বাছ মিত্থু” য়ে মুক্তিৰ পূৰ্বৰ পৰাই ই জনসাধাৰণক উৎসাহিত কৰি ৰাখিছে। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে। ভাৰতীয় মহিলা ক্ৰিকেট টিমৰ পূৰ্বৰ কেপ্তেইন মিতালী ৰাজৰ চৰিত্ৰটোৰে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে। ৰাহুল ধলাকিয়াৰ দ্বাৰা নিৰ্মিত এই ছবিখন মিতালী ৰাজৰ কাহিনীৰে নিৰ্মিত।


মিতালী ভাৰতীয় ক্ৰিকেট টিমৰ উল্লেখনীয় খেলুৱৈৰ মাজৰ এগৰাকী আছিল। তেওঁ ভাৰতীয় টিমৰ বাবে সৰ্বাধিক ৰাণ বনোৱাৰ উপৰিও তেওঁ এগৰাকী কেপ্তেইন ৰূপে সফল আছিল। অহা বৰ্ষৰ ৫ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰিব এই ছবিখনে।

ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱৈৰ ৰূপত তাপসি পান্নুঃ 2


ফাৰ্ষ্ট লুক পোষ্টাৰ খনত তাপসিক এগৰাকী ভাৰতীয় খেলুৱৈৰ ৰূপত দেখিবলৈ পোৱা গৈছে। হাতত বেট আৰু মূৰত টুপী পিন্ধি এগৰাকী খেলুৱৈ ৰূপত তাপসিক দেখি অনুৰাগীয়ে তেওঁৰ যথেষ্ট প্ৰশংসা কৰিছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.