অসমীয়া নাট্য জগতৰ এটি অতি সন্মানীয় নাম দুলাল ৰয়। দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ১৯৬৬ চনত পৰিচালনা বিভাগৰ লগতে তেওঁ পুনেৰ ফিল্ম এন্ড টেলিভিছন ইনষ্টিটিউটৰ সম্পাদনা বিভাগৰ পৰা ডিপ্লোমা লাভ কৰে। ইয়াৰ পিছতে, দুলাল ৰয়ে হিন্দী ছবি পৰিচালনাৰ কাম শিকিবলৈ মুম্বাইলৈ যায় আৰু চাৰিখনকৈ হিন্দী ছবিত সম্পাদনাৰ সহকাৰী হিচাপে কাম কৰে।
দুলায় ৰয়ে কাম কৰা উক্ত চাৰিখন ছবিৰ ভিতৰত দুখন ক্ৰমে ৰাজেন্দ্ৰ সিং বেদীৰ “দস্তক” আৰু অসিত সেনৰ “ছফৰ”-এ বঁটা লাভ কৰে। দুলায় ৰয়ে চলচিত্ৰ তথা নাটক জগতৰ কেৱল মাত্ৰ এটা নিৰ্দ্দিষ্ট ক্ষেত্ৰৰ লগতেই জড়িত নাছিল; তেওঁ আছিল সকলোবোৰ ক্ষেত্ৰতেই পাকৈত।
অসমলৈ আহি তেওঁ কেইবাখনো নাট পৰিচালনা কৰে। ইয়াৰ ভিতৰত আছিল “শুনা জন্মেজয়”, “প্ৰেয়সী”, “ফাতেমা বিবিৰ ঘৰ”, “মাছৰ তেলেৰে মাছ”, “আহাৰ”, “বৃক্ষৰ খোজ”, “চৰকাৰী ইন্সপেক্টৰ”, “ভোগজৰা”, “গাঁওবুঢ়া”, “গড’ ৰ প্ৰতীক্ষাত”, “কাৰেঙৰ লিগিৰী”, “কেলিগুলা” আদিকে ধৰি কেইবাখনো নাটক।
দুলাল ৰয়ে একমাত্ৰ এখনেই ছবি পৰিচালনা কৰে; সেইখন হ’ল “আশ্ৰয়”। কিন্তু, এই শিল্পী গৰাকীয়ে বিভিন্ন খন ছবিত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় পৰে। তেওঁ অভিনীত ছবি কেইখন হ’ল ক্ৰমেঃ “অপৰূপা”, “পাপৰি”, “অনল”, “ইমান মৰম কিয় লাগে”, “কাদম্বৰী” আৰু “অন্তহীন যাত্ৰা”। ইয়াৰ উপৰিও তেওঁ জাহ্নু বৰুৱাৰ হিন্দী ভাষাত নিৰ্মিত ছবি “অপেক্ষা” তো আছিল। “অপৰূপা” ছবিখনৰ হিন্দী সংস্কৰণ আছিল “অপেক্ষা”।
পৰিচালনা ও অভিনয়ৰ লগতে তেওঁ চিত্ৰনাট্যও লিখিছিল । মুন্না আহমেদৰ দ্বাৰা নিৰ্মিত “অন্তহীন যাত্ৰা” ৰ চিত্ৰনাট্য আছিল দুলাল ৰয়ৰ। ১৯৯৮ চনত এই শিল্পী গৰাকীয়ে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
Add comment