Rupaliparda.com
ন-ৰূপেৰে জুবিনৰ "মনৰে কল্পনা"- 1

ন-ৰূপেৰে জুবিনৰ “মনৰে কল্পনা”-

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কোনো গীত তথা তেওঁৰ মন্তব্যই প্ৰত্যেকজন অসমীয়াক সকলো সময়তে আকৃষ্ট কৰি ৰাখে। ইয়াৰ লগতে, তেওঁৰ মুক্তি পাবলগীয়া কোনো গীতক লৈ তেওঁৰ অনুৰাগী ইমানেই বেছি উৎসাহিত হৈ থাকে যে গীতটিৰ মুক্তিক লৈ অহা প্ৰত্যেকটো খবৰ ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।

ন-ৰূপেৰে জুবিনৰ "মনৰে কল্পনা"- 2


জুবিন গাৰ্গৰ এটি জনপ্ৰিয় “মোৰ মনৰে কল্পনা” শীৰ্ষক গীতটিক এক ন-ৰূপেৰে দৰ্শকৰ মাজলৈ অনাত সফল হৈছে এতিয়া কন্ঠশিল্পী গৰাকী। উক্ত গীতটিৰ ভিডিঅ’টিতেই বৰ্তমান ইউটিউবত এক বিশেষ স্থান দখল কৰা দেখিবলৈ পোৱা গৈছে। অনুৰাগ শইকীয়াৰ সংগীতেৰে নিৰ্মিত এই গীতটিৰ সুৰ আৰু কথা জুবিন গাৰ্গৰেই।


কিছু সময় পূৰ্বে মুক্তিপ্ৰাপ্ত গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে জুবিন গাৰ্গ, মধুস্মিতা, টুইংকেল আৰু জেনিথে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.