Rupaliparda.com
ব্যতিক্ৰমী সংগীতৰ ঢৌ "নয়না" তঃ 1

ব্যতিক্ৰমী সংগীতৰ ঢৌ “নয়না” তঃ

অসমীয়া সংগীত জগতত এক নতুনত্বৰ ঢৌ উঠা দেখিবলৈ পোৱা গৈছে। নৱপ্ৰজন্মৰ গীত সমূহে দৰ্শকৰ মনত নিতৌ এক উৎসাহৰ সৃষ্টি কৰিছে। আকৌ এবাৰ দৰ্শকক ব্যতিক্ৰমী সোঁৱাদ দিবলৈ আহি আছে এটি গীত “নয়না”। বিগত বছৰত মুক্তি প্ৰাপ্ত “ৰত্নাকৰ” ছবিৰ সংগীতত নিজ ৰেপৰ দ্বাৰা শ্ৰোতাক মুগ্ধ কৰা কন্ঠশিল্পী চয়নিকা বৈশ্য (Synicah)ই কন্ঠদান কৰিছে উক্ত গীতটিত। লগতে, ইয়াত কন্ঠদান কৰিছে সুদীপ ৰঞ্জন মেধিয়ে।

https://www.instagram.com/p/B78RtbCAghV/?utm_source=ig_web_copy_link


“নয়না” ত শ্ৰোতাই ব্যতিক্ৰমী সোঁৱাদ লাভ কৰাৰ লগতে ইয়াত নৱ প্ৰজন্মৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ কাম দেখিবলৈ পোৱা যাব। উল্লেখ্য যে, এই গীতটিক উদ্দেশ্যি বিভিন্ন ধৰণে চচিয়েল মিডিয়াত পোষ্ট কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে সকলোৱে।

ব্যতিক্ৰমী সংগীতৰ ঢৌ "নয়না" তঃ 2


এই গীতটি লিখিছে ডানিছে লগতে ইয়াত সংগীত মাছমিথ( Masmyth) য়ে। গীতটিত অভিনয় কৰিছে সুৰভি দাস আৰু ত্ৰিদীপ গগৈয়ে। “নয়না” ৰ ভিডিঅ’ পৰিচালনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে আৰু গীতটি ইডিট কৰিছে খালিদ নাজিমে।

1 comment

Leave a Reply

Most popular