Rupaliparda.com
দৰ্শকক শিহঁৰিত কৰিছে "ছপাক" ৰ ট্ৰেইলাৰেঃ 1

দৰ্শকক শিহঁৰিত কৰিছে “ছপাক” ৰ ট্ৰেইলাৰেঃ

মেঘনা গুলজাৰ দ্বাৰা নিৰ্দেশিত বলীউড ছবি “ছপাক” ৰ ইতিমধ্যে মুকলি কৰা হৈছে ট্ৰেইলাৰ। দীপিকা পাডুকন অভিনীত এই ছবিখনৰ ট্ৰেইলাৰটোৱে ইতিমধ্যে আকৰ্ষিত কৰি তুলিছে প্ৰত্যেকজন দৰ্শকক। এচিডৰ দ্বাৰা আক্ৰমণ হোৱা লক্ষ্মী আগৰৱাল নামৰ এগৰাকী ছোৱালীৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন।

দৰ্শকক শিহঁৰিত কৰিছে "ছপাক" ৰ ট্ৰেইলাৰেঃ 2

ছবিখন নিৰ্মাণৰ ঘোষণা আৰম্ভ কৰাৰ পিছত যেতিয়া ছবিখনৰ নায়িকা চৰিত্ৰত থকা দীপিকা পাডুকনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছিল; সেইটো সময়ৰে পৰা দৰ্শক এই ছবিখনক লৈ উৎসাহী হৈ উঠিছিল। অভিনেত্ৰী দীপিকা পাডুকনে প্ৰথমৰে পৰা তেওঁৰ এই চৰিত্ৰটো আটাইতকৈ কঠিন চৰিত্ৰ বুলি মত প্ৰকাশ কৰি আহিছিল। অহা বৰ্ষৰ ১০ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব ছবি “ছপাক”।

1 comment

Your Header Sidebar area is currently empty. Hurry up and add some widgets.