Rupaliparda.com
সাধাৰণ জনৰ পৰা লৈ চিলেব্ৰেটীৰ মাজত চৰ্চিত কৰীণা কাপুৰৰ ইনষ্টাগ্ৰাম পোষ্টঃ 1

সাধাৰণ জনৰ পৰা লৈ চিলেব্ৰেটীৰ মাজত চৰ্চিত কৰীণা কাপুৰৰ ইনষ্টাগ্ৰাম পোষ্টঃ

কৰীণা কাপুৰ খানে ইনষ্টাগ্ৰামত প্ৰথমবাৰৰ বাবে ব্যক্তিগত একাউন্ট খোলাৰ পিছতেই তেওঁৰ দ্বাৰা কৰা বিভিন্ন ফটো ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। তেওঁ নিজ পুত্ৰ তেমুৰ আলি খানৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে; য’ত সাধাৰণ জনৰ লগতে উক্ত ফটোখনত কমেন্ট কৰে চিলেব্ৰেটী সমূহেও। ঋত্বিক ৰোশনৰ পৰা আদি কৰি কেটৰিণা লৈ; ৰণৱীৰ সিঙৰ পৰা অৰ্জুন কাপুৰলৈ কেইবাগৰাকীও চিলেব্ৰেটীয়ে কমেন্ট কৰে ফটোখনত। ঋত্বিকে ফটোখনত “মৰম লগা” বুলি কোৱাৰ পৰিৱৰ্তে কেটৰিণাই ফটোখনত তেমুৰক “পমকিং” বুলি কয়।

সাধাৰণ জনৰ পৰা লৈ চিলেব্ৰেটীৰ মাজত চৰ্চিত কৰীণা কাপুৰৰ ইনষ্টাগ্ৰাম পোষ্টঃ 2
সাধাৰণ জনৰ পৰা লৈ চিলেব্ৰেটীৰ মাজত চৰ্চিত কৰীণা কাপুৰৰ ইনষ্টাগ্ৰাম পোষ্টঃ 3


১০ দিনৰ ভিতৰতেই কৰীণা কাপুৰ খানে নিজ একাউন্টত লাভ কৰিছে প্ৰায় ১০ লাখতকৈও অধিক ভিউৱাৰচ। উল্লেখ্য যে, কৰীণা কাপুৰক কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “গুড ন্যুজ” ত দেখিবলৈ পোৱা গৈছিল। য’ত কৰীণা কাপুৰৰ লগতে অভিনয় কৰিছিল অক্ষয় কুমাৰ, কিয়াৰা আদৱানী আৰু দিলজিৎ দোসাঞ্জে। উক্ত ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰাৰ উপৰিও বস্ক অফিচত ভাল কালেকচন কৰিবলৈ সক্ষম হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.