পৃথিৱীৰ প্ৰত্যেকজন লোক বৰ্তমান নিজ ঘৰত আবদ্ধ। ঘৰতেই বহি প্ৰায়ে কৰিছে নিজ অফিচৰ কাম তথা কিছুৱে কটাইছে নিজৰ লগত অকণমান সময়। ক’ৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপৰ পিছত সচেতন হোৱা দেখিবলৈ পোৱা গ’ল বিশ্বৰ প্ৰত্যেকজন জনসাধাৰণক। বিভিন্ন জনে বিভিন্ন পোষ্ট কৰি ইজনে সিজনক দিছে ভাইৰাছ বিধৰ প্ৰতি ল’বলগীয়া সচেতনতাৰ ব্যৱহাৰ। এনে সময়তে, বহু চিলেব্ৰেটীয়ে কিতাপ পঢ়াৰ লগতে নিজ পচন্দৰ খাদ্য বনাই থকাও দেখিবলৈ পোৱা গৈছে। গতিকে, আপুনিও যদি এইকেইদিনত ঘৰত আছে; চাবলৈ বিচাৰিছে যদি কিবা অসমীয়া ছবি তেনেহ’লে আমি আপোনাক দিম এনে তিনিখন ছবিৰ নাম; যি কেইখন অসমীয়া ছবিয়ে আপোনাক মনোৰঞ্জন কৰোৱাৰ উপৰিও দিব জীৱনভিত্তিক কিছু শিক্ষাঃ
সাগৰলৈ বহু দূৰঃ

১৯৯৫ চনত মুক্তি লাভ কৰা এই ছবিখনত এক সুন্দৰ নিঁভাজ কাহিনীৰ সোঁৱাদ পাব দৰ্শকে। জাহ্নু বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ১০৬ মিনিটৰ এই ছবিখনে লাভ কৰিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। বিষ্ণু খাৰঘৰীয়া অভিনয় তথা গাঁৱৰ প্ৰাকৃতিক দৃশ্য আৰু শ্ব’ট সমূহৰ নেপথ্যত বাজি ৰোৱা প্ৰাকৃতিক ধ্বনি যেনে নৈ ৰ কুলকুলনি , কুলি-কেতেকীৰ সুৰীয়া মাত আদিবোৰে ছবিখন সফল ৰূপত দাঙি ধৰাত আৰু অধিক অৰিহণা যোগাইছে।
“পোৱাল” চৰিত্ৰটিক জীৱন্ত ৰূপত দাঙি ধৰা বিষ্ণু খাৰঘৰীয়াই ছবিখনত ৰূপায়ন কৰিছিল এজন নাঁৱৰীয়াৰ চৰিত্ৰ। তেওঁ আৰু তেওঁৰ সৈতে থকা নাতিয়েকৰ জীৱন নিৰ্বাহৰ কথা ভাবিয়েই পোৱালে কৰা কিছু কামৰ ভিত্তিত নিৰ্মাণ কৰা হৈছিল এই ছবিখন।
অপৰূপাঃ

জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া ছবি “অপৰূপা”। ১৯৮২ চনৰ এই ছবিখনত কেইবাগৰাকীও অসমীয়া জনপ্ৰিয় শিল্পীৰ সমাহাৰ ঘটিছিল। বিজু ফুকন, নিপন গোস্বামীৰ অভিনয় আছিল ছবিখনত লেখত ল’বলগীয়া। তথাকথিত সমাজ ব্যৱস্থাত কিদৰে নিজৰ এগৰাকী নাৰীয়ে নিজস্বতা হেৰুৱাই পেলায় তাৰ পটভূমিতে নিৰ্মাণ কৰা হৈছে এই ছবিখন। সমাজৰ কু-চিন্তাৰ বশৰ্ৱতী হৈ নাৰীয়ে নিজৰ ইচ্ছা, আশা আদিৰ লগতে নিজকো হত্যা কৰিবলগীয়া হয় সেই পৰিস্থিতিৰ এখন জীয়া ছবিৰ বৰ্ণনা কৰা হৈছে “অপৰূপা” ত। মূখ্য চৰিত্ৰত অভিনীত সুহাসিনী মূলেৰ অভিনয় লগতে ছবিখনত অন্তৰ্ভূক্ত গীতৰ সংগীত পৰিচালক ভূপেন হাজৰিকাৰ কৰ্মৰে ছবিখন উপভোগ্য।
হিয়া দিয়া নিয়াঃ

মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “হিয়া দিয়া নিয়া”। ছবিখনে সেইটো সময়তেই ১ কোটিতকৈও অধিক টকা বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল।ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে পৰিচালক মুনীন বৰুৱাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা। ইয়াত অভিনয় কৰিছে ক্ৰমে লুনা লহকৰ, যতীন বৰা, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই।
Add comment