আপোনালোকে নিশ্চয় বহুত অসমীয়া ছবি উপভোগ কৰিছে। বহুত অসমীয়া ছবিৰ কাহিনীয়ে দৰ্শকৰ ইমানেই অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল যে ই কোটি টকীয়া অংকৰ লাভ অৰ্জন নকৰিলেও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছবিখন উজ্বলি উঠিছিল। এখন ছবি নিৰ্মাণত কি কি প্ৰয়োজনীয় আহিলা থাকে বুলি আপোনালোকে ভাৱে বাৰু? পৰিচালক, প্ৰযোজক, এটা ভাল টীমৰ উপৰিও কেইবাটাও কেমেৰাৰ প্ৰয়োজন য’ত চিনেমেটো’গ্ৰাফাৰে একোখন ঠাইলৈ গৈ ছবিখনৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰে। কিন্তু, আমি যদি আজি আপোনালোকক এনে এখন আগন্তুক ছবিৰ নাম কম য’ত কোনো ধৰণৰ কেমেৰাৰ নামেই নাই; আছে কেৱল এটা “iphone”। য’ত ছবিখনৰ সমষ্ট দৃশ্যগ্ৰহণ কৰা হৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে; এইবাৰ এটা ফোনত কৰা দৃশ্যগ্ৰহণেৰে আহি আছে এখন নতুন অসমীয়া ছবি।


“কথানদী”, “আমিষ” ৰ জৰিয়তে অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল পৰিচালক ভাস্কৰ হাজৰিকা। তেওঁৰ ব্যতিক্ৰমী কাহিনীয়েই হৈছে তেওঁৰ ছবিৰ অন্যতম লক্ষণ। এইবাৰ তেওঁৰ কাহিনী আৰু প্ৰযোজনাৰ সৈতে আহি আছে “এমুঠি পুঠি” ( Journey To The Mystical Lake with Sweet Fish)। ইতিমধ্যে চলিত মাহৰ ১৫ তাৰিখে ইয়াৰ দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হৈছে। ছবিখন পৰিচালনাৰ দায়িত্বত আছে কুলনন্দিনী মহন্ত।

উক্ত ছবিখনত অভিনয় কৰিছে প্ৰতিভা চৌধুৰী, নিতালী দাস, কেনী বসুমতাৰী, কেনী বসুমতাৰী, মণীষা ভূঞা, ৰুবুল বড়ো আৰু নবাগতা সৃষ্টি শৰ্মাই। ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত ভাস্কৰ হাজৰিকাৰ লগতে যুঁটীয়াভৱে আছে শ্যাম বৰা আৰু সুনীল আগৰৱালা। ক’ৰ’ণা ভাইৰাছ নামৰ এই মহামাৰী বিধ আঁতৰি যোৱাৰ পিছতেই অসমবাসীয়ে কেঁহা-মিঠা কমেডীৰ সোঁৱাদ পাব বুলি চচিয়েল মিডিয়া যোগে জনাইছে ভাস্কৰ হাজৰিকাই।
Add comment