Rupaliparda.com
৮০ টা পৰিয়ালৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিছে শিল্পী মানস ৰবীনেঃ 1

৮০ টা পৰিয়ালৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিছে শিল্পী মানস ৰবীনেঃ

অসমীয়া শিল্পী মানস ৰবীনৰ মহানুভৱতা। “ক’ৰ’ণা ভাইৰাছে” প্ৰত্যেকজন জনসাধাৰণক আতংকিত কৰি তোলা পিছতো কিন্তু অসমীয়া শিল্পী সমাজৰ একাংশই পাহৰা নাই সামাজিক দায়বদ্ধতা। “লক-ডাউন” ৰ এই সময়ছোৱাত য’ত কিছুৱে নিজৰ পৰিয়াল-বৰ্গৰ সৈতে সময় কটাবলৈ সুবিধা পাইছে তেনেক্ষেত্ৰত আকৌ এইকেইটা দিনত কেইবাটাও পৰিয়ালে খাদ্যৰ অভাৱত পেটত গামোচা মৰাৰো উপক্ৰম হৈছে। এনে ক্ষেত্ৰত এই সমূহ লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে শিল্পী মানস ৰবীন। জুবিন গাৰ্গ, যতীন বৰাৰ দৰে ১ লাখ টকীয়া সাহাৰ্য্য প্ৰদান নকৰিলেও তেওঁ যোৱাকালি নিমাইজান আৰু হাতীমুৰিয়া নিজ গাঁৱৰ ৮০ টা পৰিয়ালক প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

৮০ টা পৰিয়ালৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিছে শিল্পী মানস ৰবীনেঃ 2


একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক মানস ৰবীন অসমীয়া সংগীত জগতৰ এগৰাকী লেখত ল’বলগীয়া শিল্পী। ১৯৯৯ চনত মানস ৰবীনে লাভ কৰিছিল “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছৰ ফিল্ম এৱাৰ্ড”। ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা মানস ৰবীন পিছলৈ “এন কে প্ৰডাকচন” ৰ সৈতে জড়িত হৈ পৰে। উক্ত প্ৰডাকচন হাউচটোৰ পৰাই তেওঁ সংগীত জীৱনৰ কিছু নতুন মূৰ লাভ কৰিবলৈ সক্ষম হয়। মানস ৰবীন আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ যি যুগলবন্দী; সেয়া সেইটো সময়ত অসমীয়া সংগীত প্ৰেমী ৰাইজৰ বাবে খুব সুন্দৰ অনুভৱ আছিল বুলি ক’ব পৰা যায়।

৮০ টা পৰিয়ালৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিছে শিল্পী মানস ৰবীনেঃ 3


উল্লেখ্য যে, বিগত দিনত হোৱা “কা” বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে আগভাগ লৈছিল এই গৰাকী শিল্পীয়ে। প্ৰত্যেকখন আন্দোলনত বিতৰ্কিত এই আইনখনক লৈ মাত মাতিছিল শিল্পী মানস ৰবীনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.