Rupaliparda.com
এটা কোঠা; চাৰিজন শিল্পীঃ "কোৱাৰেন্টাইন" ত প্ৰস্তুত কৰিলে অসমীয়া ছবি "দেউতা"- 1

এটা কোঠা; চাৰিজন শিল্পীঃ “কোৱাৰেন্টাইন” ত প্ৰস্তুত কৰিলে অসমীয়া ছবি “দেউতা”-

প্ৰৱল ইচ্ছা শক্তিয়ে কি কৰিব নোৱাৰে? দৃঢ় প্ৰতিজ্ঞ আৰু কোনো বিষয়ত থকা প্ৰবল ইচ্ছা শক্তিৰ ফলত যে সকলো বিষয় সম্ভৱ সেয়া প্ৰমাণ কৰি দেখুৱালে অসমৰে এগৰাকী পৰিচালকে। “মি এণ্ড মাই চিষ্টাৰ”, “প্ৰত্যাহ্বান”, “মৰীচিকা” তথা “কমিংগ চুন” আদি চাৰিখনকৈ ছবিৰ পৰিচালক নিপন ঢলুৱাৰ পৰিচালনাৰে নিৰ্মিত এখন ছবি প্ৰস্তুত কৰি উলিওৱা হৈছে “লক-ডাউন” ৰ নিৰ্দ্দিষ্ট সময়ৰ মাজত। চৰকাৰৰ দ্বাৰা বান্ধি দিয়া কোনো ধৰণৰ নীতি-নিয়ম উলংঘা নকৰি মুঠ 1000 sq. ft ৰ এটা ৰুমৰ ভিতৰত সোমাই থাকিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে এই ছবিখন। মুঠ চাৰিজন শিল্পীৰ অভিনয় তথা সম্পাদনা ও চিনেমটো’গ্ৰাফীৰে নিৰ্মিত এই ছবিখনৰ নাম ৰখা হৈছে “দেউতা।”

এটা কোঠা; চাৰিজন শিল্পীঃ "কোৱাৰেন্টাইন" ত প্ৰস্তুত কৰিলে অসমীয়া ছবি "দেউতা"- 2


ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি দিয়াৰ পূৰ্বেই ছবিখনক ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত ছবি সমাৰোহলৈ প্ৰেৰণ কৰা হ’ব। দিশান ঢলুৱাৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ কাহিনী ও চিত্ৰনাট্য পৰিচালক নিপন ধলুৱাৰ নিজৰেই। মুঠ ৯০ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত চাৰিজন শিল্পীয়ে ভাগ-বতৰা কৰি ছবিখনৰ সমষ্ট কাম ইতিমধ্যে সমাধা কৰিছে। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰো মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। কেন্দ্ৰ চৰকাৰৰ আদেশ মৰ্মে বিভিন্ন নিয়মাৱলী পালন কৰি কোৱাৰেন্টাইনৰ সময়ছোৱাক উপযুক্ত কামত ব্যৱহাৰ কৰিছে এওঁলোকে।

এটা কোঠা; চাৰিজন শিল্পীঃ "কোৱাৰেন্টাইন" ত প্ৰস্তুত কৰিলে অসমীয়া ছবি "দেউতা"- 3


চাৰিজন লোকৰ এনে সৃষ্টিয়ে বৰ্তমান আচম্বিতও কৰি তুলিছে অসমীয়া দৰ্শকক। এমাহৰ ভিতৰত ৯০ মিনিট দৈৰ্ঘ্যৰ এখন ছবি নিৰ্মাণত কিমান প্ৰত্যাহ্বান আহিব পাৰে সেয়া নক’লেও হয়টো সকলোৱে বুজিব। ছবিখন চাবলৈ বৰ্তমান অপেক্ষা কৰি ৰৈছে বহু দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform