Rupaliparda.com
OTT প্লেটৰ্ফমত হ'ব পাৰে "লক্ষ্মী বোম্ব" ৰ মুক্তিঃ 1

OTT প্লেটৰ্ফমত হ’ব পাৰে “লক্ষ্মী বোম্ব” ৰ মুক্তিঃ

“কভিড ১৯” ৰ ফলত হোৱা “লক-ডাউনে” দেশৰ অৰ্থনীতি বহু পিছলৈ লৈ যোৱাৰ সমান্তৰালকৈ মনোৰঞ্জন জগততো ই প্ৰভাৱ বিস্তাৰ কৰিছে। প্ৰয়োজনীয় বস্তু সমূহক এৰি যিহেতো প্ৰায় প্ৰত্যেকখন দোকান ও উদ্যোগ বন্ধ কৰি ৰখা হৈছে গতিকে ইয়াৰ ফলত জনসাধাৰণে অসুবিধাৰ সন্মুখীন হোৱাটো একেবাৰেই স্বাভাৱিক। এই সকলো অসুবিধাৰ মাজতেই এতিয়া মুক্তিপাবলগীয়া ছবি সমূহেও নিজ নিজ মুক্তি তাৰিখ পিছুৱাই দিছে।

OTT প্লেটৰ্ফমত হ'ব পাৰে "লক্ষ্মী বোম্ব" ৰ মুক্তিঃ 2

কিন্তু, OTT প্লেটফৰ্মত বৰ্তমান সময়ত কিছু নতুন নতুন কন্টেন্ট দেখিবলৈ পাইছে দৰ্শকে লগতে প্ৰায়বোৰ ছবিক এৰি দিয়া হৈছে হটষ্টাৰ ও নেটফ্লিক্স অথবা এমেজন প্ৰাইম টাইমত।
বৰ্তমান অহা খবৰ অনুসৰি আপোনালোকক জনাই থওঁ, অক্ষয় কুমাৰৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবি “লক্ষ্মী বোম্ব” কো মুকলি কৰা হ’ব OTT প্লেটফৰ্মত। উক্ত ছবিখনৰ বাবে পৰিচালক Raghava Lawrence য়ে ডিজনী হটষ্টাৰৰ সৈতে কথা-বতৰা পাতি থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ছবিখনৰ পোষ্ট প্ৰডাকছনৰ প্ৰায় খিনি কাম ইতিমধ্যে বাকী আছে। সম্পাদনাকে ধৰি বেকগ্ৰাউণ্ড মিউজিক, মিক্সিং আদিৰ কাম এতিয়ালৈ সম্পূৰ্ণ হৈ উঠা নাই ছবিখনৰ।

OTT প্লেটৰ্ফমত হ'ব পাৰে "লক্ষ্মী বোম্ব" ৰ মুক্তিঃ 3


সকলো ঘৰতে থাকি কাম সমূহ সম্পূৰ্ণ কৰাৰ বাবে বৰ্তমান লেহেমীয়া হৈ পৰিছে কাম বোৰ। চলিত বৰ্ষৰ জুন মাহলৈ সম্পূৰ্ণ হ’ব “লক্ষ্মী বোম্ব” ৰ সম্পূৰ্ণ কাম। ছবিখনত মূখ্য চৰিত্ৰত অভিনীত অক্ষয় কুমাৰৰ মতে ছবিখনত যিসকলে টকা অন্তৰ্ভূক্ত কৰিছে সেইসকলৰ যাতে টকাৰ অসুবিধা নহয়; লগতে ছবিখন যাতে বহুল দৰ্শকৰ ওচৰলৈ যাব পাৰে তেওঁ তাৰ এক উপায় উলিয়াবলৈ কয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform