চলিত বৰ্ষত মুক্তি পাবলগীয়া ছবিসমূহৰ ভিতৰত দৰ্শকে অপেক্ষা কৰি থকা উল্লেখনীয় ছবিখন হৈছে “ৰঘুপতি”। মুক্তিৰ পূৰ্বেই ছবিখনক লৈ চাৰিওফালে এক উৎসাহৰ ঢৌ দেখিবলৈ পোৱা গৈছিল। চলিত বৰ্ষতেই মুক্তি লাভ কৰাৰো কথা আছিল ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত এই ছবিখন। কিন্তু, “কভিড ১৯” ৰ এই সন্ত্ৰাসৰ ফলত হোৱা “লক-ডাউনে” ছবিখবৰ সৈতে জড়িত সমষ্ট কলা-কুশলীক বিপদত পেলাইছে । ছবিখনৰ দৃশ্যগ্ৰহণৰ আধা কাম সম্পূৰ্ণ কৰি জুন মাহত একছন চিকুৱেল সমূহৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি চলাইছিল সকলোৱে যদিও বৰ্তমান চৰম অনিশ্চয়তাত ভুগিছে সকলো। একছন দৃশ্যসমূহৰ বাবে ছবিখনৰ কলা-কুশলী হায়দৰাবাদলৈ গৈ ইয়াৰ দৃশ্যগ্ৰহণ কৰাৰ কথা আছিল। বৰ্তমান অৱস্থাত সকলোবোৰ ক্ষান্ত হৈ কেতিয়াকৈ এক স্বাভাৱিক যাত্ৰা আৰম্ভ হ’ব সেয়া কোনোৱে ক’ব নোৱাৰে।

তৃষ্ণা মোছন পিকচাৰ্ছৰ দ্বাৰা নিবেদিত “ৰঘুপতি” ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা হৈছে সুব্ৰত কাকতিৰ আৰু প্ৰযোজনা হৈছে সৰোজ শৰ্মাৰ। সহঃ পৰিচালকৰ দায়িত্বত আছে ক্ৰমে নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়া। প্ৰদীপ দৈমাৰীৰ চিনেমেটো’গ্ৰাফীৰ লগতে ছবিখনৰ মেক আপৰ দায়িত্বত আছে বিজিয়েতা পাটগিৰি। সাজ পাৰ জুৰি কলিতা লগতে প্ৰযোজনা নিয়ন্ত্ৰক হৈছে মনোজ মিশ্ৰ। ছবিখনৰ মাৰ্কেটিং আৰু প্ৰমোচনৰ দায়িত্ব বহন কৰিছে শুভ্ৰজিৎ হাজৰিকাই।

ন-পূৰণি বিভিন্ন শিল্পী অন্তৰ্ভূক্ত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, অৰুণ নাথ, প্ৰীতিকংকনা, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী আৰু ৰাজ শৰ্মাই। ছবিখনক লৈ অভিনেতা ৰবি শৰ্মাও চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছিল। কিন্তু এতিয়া প্ৰশ্ন হয় চিত্ৰগৃহ খোলাৰ পিছতো যাবনে দৰ্শক চিত্ৰগৃহলৈ নে “কভিড ১৯” ৰ সন্ত্ৰাসে “লক-ডাউন খোলা পিছতো প্ৰভাৱ পেলাব নেকি ৰাইজৰ ওপৰত?
Add comment