প্ৰবল ইচ্ছা শক্তিয়ে যে কোনো এক ক্ষেত্ৰত আগুৱাই যাবলৈ সাহস প্ৰদান কৰে তাৰ উদাহৰণ আমি বহুত পাইছো। সেয়া কেৱল শিক্ষা ক্ষেত্ৰতেই নহয়; মনোৰঞ্জন ক্ষেত্ৰখনতো ইয়াৰ উদাহৰণ পোৱা যায়। “লক-ডাউন” ৰ এই সময়খিনি আছলতে বহু ভাল সময়; য’ত জনসাধাৰণৰ মাজত নিজৰ সৃষ্টিক দাঙি ধৰিব পৰা যায়। আছলতে, কোনো কোনোৱে এই সময়খিনিক সদ্ ব্যৱহাৰ নকৰাও নহয়; যাৰ বাবে তেওঁলোকৰ প্ৰতিভাৰ চৰ্চা হৈছে এতিয়া চাৰিওফালে। আজি আমি এনে এজন যুৱকৰ নামেই ক’ম যিয়ে নিজ সংগীতৰ প্ৰতি থকা ইচ্ছাৰ বাবে নীৰৱ সাধনা কৰিছিল। তেওঁৰ নাম হৈছে নিখিল ৰয়। অৰুণাচলৰ সৰু এখন ঠাইত জন্মগ্ৰহণ কৰা নিখিলে সৰুৰ পৰা সংগীতৰ স্কুল অথবা এগৰাকী শিক্ষক/শিক্ষয়িত্ৰীৰ অভাৱত নিজ পিতৃৰ ওচৰতেই লৈছিল সংগীতৰ শিক্ষা।
২০১২ চনত গুৱাহাটীলৈ আহি নিখিলে তেওঁৰ প্ৰথমটো গীত “জোনাক নিশা” ৰেকৰ্ডিং কৰে আৰু মুম্বাইলৈ গৈ চাউণ্ড ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা গ্ৰহণ কৰে। মুম্বাইত থাকি কাম কৰিব পৰাকৈ পৈণত নাই হোৱা বাবেই তেওঁ গুৱাহাটীলৈ উভতি আহি নিজাববীয়াকৈ খুলি লোৱা ইউটিউব চেনেলত বিভিন্ন গীতৰ “Cover” প্ৰস্তুত কৰি মুক্তি দিয়ে; যাৰ বাবে তেওঁ বৰ্তমান লাভ কৰিছে দৰ্শক ও শ্ৰোতাৰ সমাদৰ।
শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত দীপলিনাৰ “তুমি আহিলে” গীতটিৰ ৰ কভাৰ প্ৰস্তুত কৰি চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল নিখিল ৰয়। অৱশ্যে, চচিয়েল মিডিয়া হৈছে এনে এটা প্লেটফৰ্ম যাৰ দ্বাৰা বহু লোকৰ সমুখত চিনাকী লাভ কৰে শিল্পীসকলে।
Add comment