উৰ্মিলা মহন্ত অভিনীত এখন অসমীয়া নাৰীকেন্দ্ৰিক ছবি “অন্তৰীণ” য়ে আজি সম্পূৰ্ণ কৰিলে নিজ ৩ টা বৰ্ষ। ২০১৭ চনৰ আজিৰ তাৰিখটোতেই উক্ত ছবিখনে মুক্তি লাভ কৰিছিল এই ছবিখন। মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য তথা পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনীভাগ তুলি অনা হৈছিল ড° ৰীতা চৌধুৰীৰ কিতাপ “তৰালী” ৰ পৰা। পুৰুষকেন্দ্ৰিক সমাজখনৰ সৈতে এগৰাকী নাৰীৰ যুদ্ধ তথা তেওঁৰ মানসিক অৰ্ন্তঃযুদ্ধৰ কাহিনীক ভিত্তি কৰি নিৰ্মাণ কৰি উলিওৱা হৈছিল “অন্তৰীণ”। ছবিখনত উৰ্মিলা মহন্তৰ অভিনয়ক প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছিল বিভিন্নজন দৰ্শকক।

উৰ্মিলা মহন্তৰ বাহিৰেও উক্ত ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে অৰুণ নাথ, উৰ্মিলা মহন্ত, বলৰাম দাস, ময়ূখ শৰ্মা, জলী লস্কৰ, সীমা বৰুৱা আৰু দেৱব্ৰত বৰঠাকুৰে। ঘৰুৱা দৰ্শককে আৰম্ভ কৰি ছবিখনে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শককো। প্ৰথম শৈলধৰ বঁটাৰ “শ্ৰেষ্ঠ ছবি” ৰ খিতাপ লাভ কৰা উপৰিও ছবিখনে 3rd Indian Cine Film Festival, Mumbai তো লাভ কৰিছিল শ্ৰেষ্ঠ ছবিৰ বঁটা। আনহাতে, নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল, ইটানগৰতো ছবিখনে লাভ কৰিছিল “স্পেচিয়েল জুৰি মেনশ্বন এৱাৰ্ড”।

“অৰ্থ ফিল্মচ” ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল মানবেন্দ্ৰ অধিকাৰী লগতে ইয়াত সহঃ পৰিচালক ৰূপে আছিল ৰনাল্ড হুচেইন, ৰূপম চেতিয়া আৰু পৰাগ বৰুৱা। সুমন দুৱৰাৰ চিনেমেটো’গ্ৰাফীৰে “অন্তৰীণ” ৰ সংগীত পৰিচালকৰ দায়িত্বত আছিল তৰালী শৰ্মা। ছবিখনৰ সম্পাদনাৰ দায়িত্বত আছিল Twenchang।
Add comment