কেতিয়াবা এখন ছবিত বা নাটক তথা ধাৰাবাহিকত সহঃ অভিনেতা তথা অভিনেত্ৰীৰ চৰিত্ৰটোৱে দৰ্শকৰ হৃদয় জিনা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ অভিনয়ে আকৰ্ষণ কৰে বহুতক। আচলতে, এনে সহঃ অভিনেতা-অভিনেত্ৰীৰ চৰিত্ৰবোৰ নাথাকিলে হয়টো কাহিনী বোৰৰ খেলি-মেলি হোৱা দেখিবলৈ পোৱা গ’ল হেঁতেন। আনহাতে, একোটা ইউটিউব চেনেলৰ জনপ্ৰিয়তা আপোনালোকক নক’লেও হয়টো আপোনালোকে বুজিব। ভিডিঅ’ প্ৰস্তুতিক বৰ্তমান পেছাৰূপে গ্ৰহণ কৰিছে নৱপ্ৰজন্মৰ কেইবাগৰাকীও যুৱক-যুৱতীয়ে। এনে নৱপ্ৰজন্মৰ ফালৰ পৰা মুকলি হোৱা ইউটিউব চেনেলৰ কিছু বিষয়বস্তুৱেও কিন্তু আকৰ্ষণ নকৰাকৈ থকা নাই দৰ্শকক। এখন দুখনকৈ চিৰি বগাই বগাইয়ে জন্ম হয় একোজনকৈ উদীয়মান শিল্পীৰ; গঠনমূলক কামে প্ৰায় প্ৰশংসা লাভ কৰে বহুতৰ। এনে এগৰাকী যুৱক হৈছে ওদালগুৰিৰ কলাইগাঁৱত জন্ম শশাংক ৰাজ নাথ।

জনপ্ৰিয় নহ’লেও এই নামটোৱে কৰা কিছু কামে বৰ্তমান তেওঁক জনপ্ৰিয়তাৰ দিশে বগাবলৈ সক্ষম কৰোৱাইছে। “Puhor Production” শীৰ্ষক ইউটিউব চেনেল তথা প্ৰডাকচন হাউচটোৰ বেনাৰত কৰা শশাংক আৰু তেওঁৰ সতীৰ্থ সকল ক্ৰমে জিন্তু কুমাৰ কাশ্যপ তথা হেমন্ত পাঠকৰ কাম সমূহক আকোঁৱালি লৈছে এতিয়া দৰ্শকে। গুৱাহাটীস্থিত বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক যাত্ৰাটোৱে শশাংকক আৰু পিছ হূহুঁকিবলৈ অৱসৰ নাই দিয়া। কেইবাটাও গীত তথা চুটি ছবিত অভিনীত শশাংকক দৰ্শকে আকৌ এবাৰ দেখিবলৈ পাব আগন্তুক ধাৰাবাহিক “নমামী” যোগেৰে। ধাৰাবাহিক খনত সৰু যদিও এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব শশাংকে; ইয়াৰ উপৰিও নাট তথা চুটি ছবি পৰিচালনাৰ সৈতেও জড়িত হৈ আছে এই যুৱকজন।

“লক-ডাউন” খোলাৰ পিছতেই শশাংকে নিজাববীয়াকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে এখন চুটি ছবি। আহিবলগীয়া সময়ত শশাংকৰ অভিনয়ৰ লগতে পৰিচালনাও হয়টো উপভোগ কৰিব পাৰিব দৰ্শকে।
Add comment