Rupaliparda.com
এইবাৰ বাবুৰ "লক-ডাউন" সৃষ্টিঃ 1

এইবাৰ বাবুৰ “লক-ডাউন” সৃষ্টিঃ

“লক-ডাউন” য়ে য’ত বহু শ্বুটিং- ছবিৰ মুক্তিত ব্যাঘাত জন্মাইছে তাতেই আকৌ কিছু গীত, চুটি ছবিৰো মুক্তি পাইছে এই সময়খিনিত। এই সময়ছোৱাত মুক্তিপ্ৰাপ্ত প্ৰায় আটাইবোৰ বস্তুতেই শিল্পী সমূহৰ প্ৰতিভা ফুটি উঠা দেখিবলৈ পোৱা গৈছে। এইবাৰ বাবুয়েও নিজ কন্ঠৰে মুকলি কৰিলে আন এটি গীত “পৃথিৱীয়ে হাঁহি দিলে”। গীতটিৰ লিৰিকেল ভিডিঅ’ ক মুক্তি দিয়া হৈছে কন্ঠশিল্পী গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেলত। ইয়াৰ পূৰ্বেও পাপনকে ধৰি কুমাৰ ভৱেশ তথা আন আন কেইবাগৰাকীও কন্ঠশিল্পীয়ে এই সময়খিনিতেই প্ৰস্তুত কৰি উলিয়াইছিল একোটিকৈ গীত। বাবুৰ গীত সমূহে প্ৰায়ে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে; তেওঁৰ সৃষ্টি সমূহক আদৰি লোৱাও দেখিবলৈ পোৱা যায় একাংশক।


উক্ত গীতটিত সংগীত দিছে শেখৰে লগতে ইয়াৰ কথা ইবছন লাল বৰুৱাৰ। গীতটিত কেমেৰা কৰিছে ৰিপুঞ্জয়ে আৰু সহঃ কেমেৰাৰ দায়িত্বত আছিল হেমন্ত। গীতটিত সুৰ কৰিছে চন্দন, ভগৱান আৰু বাবুয়ে। গীতেৰেই নহয়; বাবুয়ে নিজ সমাজৰ নিৰীহ জনৰ প্ৰতিও নিজৰ দায়বদ্ধতা ৰাখি কাম কৰিবলৈ যত্ন কৰিছে। যিসকল লোকে প্ৰয়োজনীয় ঔষধ আদি যোগান ধৰিব নোৱাৰে তেওঁলোকলৈ এইসকল দ্ৰব্যৰ যোগান ধৰাৰ দৰে এক প্ৰশংসনীয় পদক্ষেপ আৰম্ভ কৰিছিল কন্ঠশিল্পী বাবুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform