Rupaliparda.com
"লক-ডাউন" ত আশা ভোষলে খুলিলে ব্যক্তিগত ইউটিউব চেনেলঃ 1

“লক-ডাউন” ত আশা ভোষলে খুলিলে ব্যক্তিগত ইউটিউব চেনেলঃ

হিন্দী ছবি জগতৰ প্ৰসিদ্ধ কন্ঠশিল্পী আশা ভোষলে “লক-ডাউন” ত পোন প্ৰথমবাৰৰ বাবে খুলিলে ব্যক্তিগত ইউটিউব চেনেল। নাতি-নাতিনীয়েকৰ অনুপ্ৰেৰণা লাভ কৰিয়েই তেওঁ ইউটিউব চেনেলটো মুকলি কৰে। তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰ যোগে কয় যে, “বাকী সকলো জনসাধাৰণৰ দৰেই মইও বৰ্তমান ঘৰতেই আছো; গতিকে এনেক্ষেত্ৰত মোৰ নাতি-নাতিয়ে ইন্টাৰনেটত কৰা কামবোৰৰ দ্বাৰা মই কিছু কিছু শিকি মুকলি কৰিলো ইউটিউব চেনেল।” বিগত বহু বছৰৰ পৰা কন্ঠশিল্পী আশা ভোষলেক বিভিন্ন জনে নিজৰ অনুভৱ, মতামত আদি লিখাৰ বাবে আহ্বান জনাইছিল যদিও গায়িকা গৰাকীৰ সময়ৰ অভাৱৰ ফলতেই এই কাম কৰিব পৰা নাছিল; কিন্তু এতিয়া সময় থকাৰ ফলত তেওঁ বিগত ৮৬ বৰ্ষৰ তেওঁৰ স্মৃতি বোৰ দৰ্শকৰ মাজলৈ লৈ অনাৰ কথা ব্যক্ত কৰে।


বুধবাৰেই নিশা ৯ বজাত খোলা এই ইউটিউব চেনেলটোত আশা ভোষলেৰ প্ৰথমটো গীত আছিল “মে হু”; যিটো গীত তেওঁ শ্ৰী শ্ৰী ৰবিশংকৰক তেওঁ সমৰ্পিত কৰে। গীতৰ সমান্তৰালকৈ গায়িকা গৰাকীৰ স্মৃতি সমূহে নিশ্চয়কৈ দৰ্শকক মনোৰঞ্জন কৰোৱাব বুলি বিশ্বাস কৰে তেওঁ। ২০০০ চনত ভাৰত চৰকাৰৰ দ্বাৰা “দাদা চাহেব ফাল্কে” বঁটা লাভ কৰা আশা ভোষলে ২০০৮ চনত লাভ পদ্মবিভূষণ সন্মান।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform