Rupaliparda.com
ঘৰত নোপোৱা একাংশ বস্তুক মনত পেলাইছে সিদ্ধান্ত চতূৰ্বেদীয়ে: 1

ঘৰত নোপোৱা একাংশ বস্তুক মনত পেলাইছে সিদ্ধান্ত চতূৰ্বেদীয়ে:

বৰ্তমান সকলো জনসাধাৰণ উপায়হীন হৈ আৱদ্ধ হ’বলগীয়া হৈছে নিজ নিজ বাসগৃহত। চিলেব্ৰেটী সকলৰো কোনোৱে যদি বাহিৰ যোৱা মনত পেলাইছে নহ’লে আকৌ কোনোৱে মনত পেলাইছে নিজৰ কৰ্মক। এনে সময়ত কাৰোবাৰ যদি বিজনেছ তললৈ নামিছে আনহাতে কোনো লোকে খাবলৈ নাপাই অনাহাৰে দিন কটাইছে। কিন্তু এনেক্ষেত্ৰত কিছু লোকক সহায় কৰিছে স্মাৰ্টফোন অথবা চচিয়েল মিডিয়াই। চিলেব্ৰেটীসকলে প্ৰায়ে এই চচিয়েল মিডিয়া ব্যৱহাৰ কৰি অনুৰাগীৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে প্ৰায়ে লকডাউন সময়ৰ একোখন ফটো আপলোড কৰিছে অথবা লাইভলৈ আহি বাৰ্তালাপ কৰিছে অনুৰাগীৰ সৈতে। সম্প্ৰতি বাহিৰলৈ যোৱা আৰু নানান খাদ্য খোৱা ইত্যাদি কাৰ্যক্ৰম বোৰ মনত পেলাইছে অভিনেতা সিদ্ধান্ত চতূৰ্বেদীয়ে। তেওঁ চচিয়েল এখন ফটো শ্বেয়াৰ কৰি বাহিৰত বহু সহজে উপলদ্ধ কিছু বস্তুক মনত পেলাইছে।

https://www.instagram.com/p/CANqLCyFIUH/?utm_source=ig_web_copy_link
ঘৰত নোপোৱা একাংশ বস্তুক মনত পেলাইছে সিদ্ধান্ত চতূৰ্বেদীয়ে: 2


পোন প্ৰথমবাৰৰ বাবে “গলী বয়” ত দেখিবলৈ পোৱা এই গৰাকী অভিনেতাই সহজে দৰ্শকক নিজ অনুৰাগী কৰি তুলিছিল। তেওঁৰ অভিনয় ও ব্যক্তিত্বই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দৰ্শকক। তেওঁ নিজৰ সমুখত “মিল্ক ছেক” ৰাখি আপলোড কৰা ফটোখনত দৰ্শকৰো ভৰপূৰ কমেন্ট দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, দেশত ১৮ মে’ ৰ পৰা আৰম্ভ হৈছে “লকডাউন ৪.০”। নতুন নীতি-নিয়মৰ দ্বাৰা এই লকডাউন কাৰ্যকৰী কৰা হ’ব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform