Rupaliparda.com
নিশাৰ পৰা পুৱা ৫ বজালৈ ৪১ বাৰ ছলমানে ফোন কৰিছিল বিবেকক! কিয় সৃষ্টি হৈছিল মতানৈক্যৰ??- 1

নিশাৰ পৰা পুৱা ৫ বজালৈ ৪১ বাৰ ছলমানে ফোন কৰিছিল বিবেকক! কিয় সৃষ্টি হৈছিল মতানৈক্যৰ??-

বলীউডত বহু সময়ত বিবাদ নাইবা মতবিৰোধ চলা দেখিবলৈ পোৱা যায়। এনে বিবাদ সমূহৰ ভিতৰত উল্লেখনীয় বিবাদ আছিল ছলমান খান ও বিবেক অব্ৰয়ৰ। ২০০৩ চনত চলা এওঁলোকৰ বিবাদে আজিও চৰ্চা লাভ কৰিবলৈ সক্ষম। আচলতে, ইয়াৰ আঁৰৰ ঘটনাটো আছিল এনেধৰণৰ যে অভিনেত্ৰী ঐশ্বৰ্য্য আৰু ছলমান খানৰ সম্পৰ্কৰ বিষয়ে প্ৰত্যেকেই জানিব লৈছিল। কিন্তু হঠাতে এওঁলোকৰ বিচ্চেদ ঘটাৰ পিছত ঐশ্চৰ্য্য আৰু বিবেক অব্ৰয়ৰ সম্পৰ্কই খুঁটনি পুটিছিল সংবাদ মাধ্যম তথা জনসাধাৰণৰ সমুখত। এই কথা সহ্য কৰিব নোৱাৰি ছলমান খানে বিবেকক নিশা ১২.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ মুঠ ৪১ বাৰ ফোন কৰে। ইয়াৰ উপৰিও, বিবেক অব্ৰয়ক বিভিন্ন গালি-গালাজো কৰে ছলমানে।

নিশাৰ পৰা পুৱা ৫ বজালৈ ৪১ বাৰ ছলমানে ফোন কৰিছিল বিবেকক! কিয় সৃষ্টি হৈছিল মতানৈক্যৰ??- 2


এই আটাইবোৰৰ অন্তত বিবেকে এখন সংবাদ মেল অনুষ্ঠিত কৰি আটাইবোৰ কথা ব্যক্ত কৰে। কিছুদিন পিছত সম্পূৰ্ণ ঘটনাটোক লৈ বিবেকে ছলমানৰ ওচৰত ক্ষমা বিচাৰে যদিও ছলমানে আজিলৈ সেই ক্ষমা বিবেকক দিয়া নাই। কিছুদিন পূৰ্বে এই বিষয়ে যেতিয়া সংবাদ মাধ্যমত কথা পতা হৈছিল তেতিয়া বিবেকে কয় যে, ” জীৱনত মই এনে এক পৰ্যায় পাইছো যে বৰ্তমান এনেবোৰ কথাই মোক হানি নকৰে। এতিয়া মোৰ কাৰো ওপৰত খং, অভিমান অথবা আক্ষেপ নাই।”

নিশাৰ পৰা পুৱা ৫ বজালৈ ৪১ বাৰ ছলমানে ফোন কৰিছিল বিবেকক! কিয় সৃষ্টি হৈছিল মতানৈক্যৰ??- 3


উল্লেখ্য যে, বিবেকৰ সৈতে থকা ঐশ্বৰ্য্য সম্পৰ্কও কম দিনতেই হাৰ মানিলে। অভিনেত্ৰী গৰাকী বৰ্তমান অভিষেক বচ্চনৰ সপত্নী আৰু বচ্চন পৰিয়ালৰ বোৱাৰী।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.