Rupaliparda.com
"Homemade Mashup Video" ৰ প্ৰস্তুতি অসমীয়া কন্ঠশিল্পীৰঃ 1

“Homemade Mashup Video” ৰ প্ৰস্তুতি অসমীয়া কন্ঠশিল্পীৰঃ

অসমীয়া কেইবাগৰাকীও কন্ঠশিল্পীৰ প্ৰচেষ্টাৰে আহি আছে “Homemade Mashup Video”। “শিল্পী” বোলা শব্দটোৰ অৰ্থটোতেই অন্তৰ্নিহিত হৈ আছে “মনোৰঞ্জন”। দৰ্শকক হতাশা অথবা আমনি দায়ক পৰিস্থিতিৰ পৰা এৰুৱাই ৰাখিবলৈ এই শিল্পীসকলে যৎপৰোনাস্তি চেষ্টা কৰা দেখিবলৈ পোৱা যায়। “লক-ডাউন” ৰ সময়খিনিতো এই শিল্পী সকলৰ বিভিন্ন কামে হৃদয় জুৰাইছিল দৰ্শকৰ। এইবাৰো এনে এক প্ৰচেষ্টাৰে আগবাঢ়ি আহিছে একাংশ কন্ঠশিল্পী। মুক্তিপ্ৰাপ্ত কিছু পূৰণি গীতক নতুনেৰে ন-কৈ তৈয়াৰ কৰি দৰ্শকৰ মাজত উলিয়াই দিয়া প্ৰয়াস কৰিছে এতিয়া এওঁলোকে। অসমীয়া সংগীত ক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰা ক্ৰমে ভৃগু কাশ্যপ, সুবাসনা দত্ত, গীতালী, নিলাক্ষী নেওঁগ, দীপলিনা ডেকা, জ্যোতি শৰ্মা আৰু মানসী চহৰীয়াৰ কন্ঠৰে ৰাইজৰ চিনাকী কিছু গীতক একগোট কৰি নিৰ্মাণ কৰি উলিওৱা হ’ব “Homemade Mashup Video”।

View this post on Instagram

মোৰ ইতিমধ্যে মুক্তি পোৱা, আপোনালোকে আদৰি লোৱা কিছু গীত, এইবাৰ আপোনালোকে উপভোগ কৰিব পাৰিব কিছু ব্যতিক্ৰমী ৰূপত। আন্তৰিকতা আৰু ইজনৰ সিজনৰ প্ৰতি থকা শ্ৰদ্ধা ৰ ফলত হৈ উঠা কিছু গীতৰ #homemade #mashup #video আহি আছে অতি সোনকালে। একেষাৰতে মাজে সময়ে গালি দি পিছত আকৌ ভালকৈ কথা বোৰ বুজাই দিয়া মৰমৰ বাইদেউ @subasanadutta সদাই কাজিয়া কৰি ভাল পোৱা বন্ধু @getaalimamu লগতে মৰমৰ ভগ্নী, @neognilakshi @deeplina_deka @jyotisharmaa__ আৰু @manashi_sahariah_official সকলোলৈ অফুৰন্ত মৰম আৰু ধন্যবাদ জনালো। জীৱন সলনি হোৱা নাই, মাধ্যম সলনি হৈছে,, কেতিয়াবা মনে নিমিলা আলহী আহিলে আমি যিদৰে সাৱধানেৰে চলোঁ, এতিয়াৰ সময়বোৰো তেনেকুৱাই । #সাৱধানীৰ_বিপদ_নাই #ঘৰতেইথাকক #সুস্থথাকক

A post shared by Vreeguu Kaxyap (@vreeguu_kaxyap) on


“অসমীয়া লভ্ মাছআপ” ত সংগীত দিছে পিংকল প্ৰত্যুষে আৰু আনহাতে ইয়াৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে দিগন্ত বৰদলৈ। উক্ত প্ৰচেষ্টাৰ বিষয়ে এটি পোষ্টযোগে জানিবলৈ দিয়ে কন্ঠশিল্পী ভৃগু কাশ্যপে। তেওঁৰ পোষ্টটো যোগেৰেই আন আন কন্ঠশিল্পী বন্ধু সমূহৰ তেওঁৰ সৈতে থকা সম্পৰ্কক একেটা শাৰীতেই বুজাই দিয়ে ভৃগু কাশ্যপে। উল্লেখ্য যে, শিল্পী সমূহৰ এনে প্ৰচেষ্টাত বৰ্তমান আপ্লুত হৈ পৰিছে তেওঁলোকৰ অনুৰাগী।

"Homemade Mashup Video" ৰ প্ৰস্তুতি অসমীয়া কন্ঠশিল্পীৰঃ 2


অনুৰাগী সমূহৰ মনোৰঞ্জনৰ অৰ্থে শিল্পীসমূহৰ থকা দায়বদ্ধতা সঁচাকৈ লেখত ল’বলগীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform