“লক-ডাউন” ত বহু জনসাধাৰণ ন-ন নিয়মৰ সৈতে আগবঢ়া দেখিবলৈ পোৱা গৈছে। দীঘলীয়া সময়ছোৱাত কিছু নতুন অভ্যাসৰ সৈতে নতুনৰ আৰম্ভণি কৰা দেখিবলৈ পোৱা গৈছে বহু অসমীয়া শিল্পীক। জুবলি ফাউণ্ডেচনৰ সৌজন্যত আৰম্ভ হোৱা #Newnormalinlife ত অন্তৰ্ভূক্ত হৈ “আমিষ” ত অভিনীত জনপ্ৰিয় অভিনেত্ৰী নিতালী দাসেও কৰিলে নিজ কিছু নতুন নিয়ম ব্যক্ত। “লক-ডাউন” ত আৱদ্ধ হৈ থকা শিল্পী সমূহৰ বাবে ক্ৰমশঃ সাধাৰণ হৈ পৰা কিছু কথাক ব্যক্ত কৰি এটি ভিডিঅ’ প্ৰস্তুত কৰিব লাগে; যি ভিডিঅ’ৰ দ্বাৰা হয়টো উৎসাহী হ’ব পাৰে এইখিনি সময়ত হতাশ হৈ থকা কিছু জনসাধাৰণো; উক্ত প্ৰচেষ্টাৰ সৈতে জুবলি ফাউণ্ডেচনে আৰম্ভ কৰা এই #Newnormalinlife ত আন বহু শিল্পীয়ে ইতিমধ্যে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। এটি ভিডিঅ’ যোগে নিতালী দাসেও এই সময়ছোৱাৰ নতুন অভ্যাসৰ বিষয়ে ব্যক্ত কৰি কয় যে,

“মই বৰ্তমান দিনত দুবাৰকৈ ৰাষ্টাৰ কুকুৰ সমূহ খাদ্য প্ৰদান কৰাৰ প্ৰচেষ্টা হাতত লৈছো; যি প্ৰচেষ্টা হয়টো এতিয়াৰ বাবেই নহয় আগন্তুক সময়টো অব্যাহত থাকিব।” ইয়াৰ লগতে অভিনেত্ৰী গৰাকীয়ে ঘৰতেই থাকি শস্য উৎপাদনৰ ব্যৱস্থাও হাতত লৈছে বুলি জানিবলৈ দিয়ে। নিতালী দাসে কয় যে, “শস্য উৎপাদনৰ দ্বাৰা মনুষ্য জীৱনলৈ শান্তি, সুবাস তথা স্ফূৰ্তি আহে আৰু ইয়াৰ দ্বাৰা পৰিয়ালৰ জ্যেষ্ঠ জনকো ব্যস্ত ৰাখিব পৰা যায়। এইখিনি সময়ত খুবেই গুৰুত্বপূৰ্ণ নিজৰ জ্যেষ্ঠ জনৰ যত্ন লোৱাটো।”

“আমিষ” ত দেখিবলৈ পোৱা এইগৰাকী অভিনেত্ৰীৰ উক্ত ছবিখনত কৰা অভিনয়ৰ প্ৰশংসা বিভিন্ন জন দৰ্শকে কৰা দেখিবলৈ পোৱা গৈছিল। আগন্তুক অসমীয়া ছবি “এমুঠি পুঠি” টো দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক।
Add comment