অসমৰ সংস্কৃতি পৃথিৱীৰ ভিতৰত অন্যতম চহকী। সাংস্কৃতিক জগতখনৰ বিভিন্ন শিতানত নিৰলসভাৱে কাম কৰি থকা শিল্পী সমূহে তেওঁলোকৰ কলাৰ প্ৰতি থকা শ্ৰদ্ধা তথা ভক্তিৰ জৰিয়তে আগুৱাই লৈ যাবলৈ সক্ষম হয়। শিল্পী সমূহে তেওঁলোকৰ কলাসমূহক উচ্চস্তৰলৈ নি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি সমগ্ৰ অসমক গৌৰৱান্বিত কৰি তোলা উদাহৰণো আমাৰ ইয়াত আছে। বিজ্ঞানসন্মত এই পৃথিৱী খনত নিজ কলা, সাহিত্য, সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ থকা প্ৰেমে আমাৰ এই ক্ষেত্ৰখনক অধিক সফল কৰি তোলে। গীত, নৃত্য আদিৰ উপৰিও আজিৰ নৱপ্ৰজন্ম অসমীয়া বিভিন্ন বাদ্য-যন্ত্ৰ বজোৱাক লৈ আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায়। এনেক্ষেত্ৰত আমি এজন যুৱশিল্পীৰ নাম ল’বই লাগিব; বৰপেটাৰ এই শিল্পী গৰাকীয়ে বিগত বছৰত লাভ কৰিছিল সংগীত নাটক অকাডেমীৰ বিছমিল্লা খাঁ যুৱ বঁটা। এওঁৰ নাম হৈছে মনোজ কুমাৰ দাস। সত্ৰনগৰী বৰপেটাৰ ঘোঁৰমাৰাহাটীত জন্মগ্ৰহণ কৰা মনোজ কুমাৰ দাসে খোলবাদ্যক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ তুলি নিছে। ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি আজি কথা পাতিম গৰাকী শিল্পীৰ সৈতে; চাওঁ চোন আহকঃ
প্ৰশ্নঃ আপুনি খোলবাদ্যৰ শিক্ষা কেতিয়াৰ পৰা গ্ৰহণ কৰিছে??
মনোজ কুমাৰঃ সৰুৰ পৰাই মই সত্ৰীয়া পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈছো। মোৰ ককাদেউতা “থিয়নাম”ৰ তালবাদক আছিল লগতে মোৰ দেউতাই ভাগৱত পাঠ কৰিছিল। মোৰ বাইদেউসকলৰো লোকগীত ও বৰগীতত দখল আছে গতিকে সৰুৰ পৰাই মোৰ পৰিয়ালত মই এক সত্ৰীয়া পৰিৱেশ পাইছিলো আৰু কালক্ৰমত মই সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলো। সত্ৰীয়া সংস্কৃতিৰ বাদ্য-যন্ত্ৰবোৰলৈ এক আকৰ্ষণ অনুভৱ কৰিছিলো মই; ফলত পঞ্চম মান শ্ৰেণীত থাকোতে বৰপেটাৰ আটাইতকৈ পুৰণি ও প্ৰসিদ্ধ অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা মই খোলবাদ্যৰ আদিপাঠ গ্ৰহণ কৰিবলৈ লওঁ। তাৰ পিছত মই বৰপেটা সত্ৰৰ ভীমাবায়ন বংশৰ মূখ্যবায়ন ও সংগীত নাটক একাডেমী বঁটা প্ৰাপ্ত সত্ৰভূষণ শ্ৰীযুত জগন্নাথ বায়ন ৰ অধীনত এই খোলবাদ্যৰ শিক্ষা লও।
প্ৰশ্নঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অসমীয়া সংস্কৃতিক এক উচ্চ পৰ্যায়ত তুলি নিয়াত আপুনি ভূমিকা গ্ৰহণ কৰিছে; আপোনাৰ কেনে অনুভৱ হয়?
মনোজ কুমাৰঃ অনুভৱ খুব সুন্দৰ, খুবেই ভাল লগা। ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ বাহিৰত মই একাদশ মান শ্ৰেণীৰ পৰাই অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছিলো। দিল্লী, মুম্বাইকে আদি কৰি কেৰালা, লক্ষদ্বীপ, অন্ধ্ৰপ্ৰদেশ, কলিকতা আদি মূখ্য চহৰসমূহত মই ইতিমধ্যে খোলবাদ্যৰ এই কলা প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰোঁ । সঁচাকৈ ভাল লাগে যেতিয়া অসমীয়া সংস্কৃতিক লৈ বাহিৰৰ দেশৰ মানুহে প্ৰশংসা কৰে; বিশেষকৈ অসমৰ বাহিৰত যেতিয়া মই অসমীয়া লোকবাদ্য আৰু সত্ৰীয়া খোলবাদ্য যেনে ধৰক নাগাৰা,খোলবাদ্য , হোলী ঢোল আদি ওপৰত বক্তৃতা প্ৰদান ও অনুষ্ঠানত অংশগ্ৰহণ কৰি এইবোৰ প্ৰদৰ্শন কৰিছিলো তেতিয়া বিভিন্ন গুণী জ্ঞানী ব্যক্তিয়ে বিভিন্ন ধৰণে প্ৰশংসা কৰিছিল। মই এই সংস্কৃতিক আৰু অধিক উচ্চস্তৰলৈ লৈ গৈ জনসাধাৰণৰ আগত পৰিৱেশন কৰাক লৈ খুবেই উৎসাহী আচলতে। আনহাতে, মই শ্ৰীলংকাৰ University Of Kelaniya ৰ পৰা পোৱা আমন্ত্ৰণ ক্ৰমে মই তেওঁলোকৰ ইন্টাৰনেশ্বনেল চেমিনাৰত অংশগ্ৰহণ কৰি এই খোলবাদ্য ওপৰত বক্তৃতা প্ৰদান আৰু পৰিবেশন কৰিছিলো আৰু তেতিয়া প্ৰায় আটাইবোৰেই আমাৰ সংস্কৃতিৰ বহুল প্ৰশংসা কৰিছিল। বৰ্তমান মোৰ জীৱনৰ লক্ষ্য ও মূল উদ্দেশ্যে এটাই হৈছে যে কেনেদৰে সত্ৰীয়া খোলবাদ্যক মই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰিব পাৰো।
প্ৰশ্নঃ অধিক নৱ প্ৰজন্মক এই বিদ্যাৰ সৈতে জড়িত কৰোৱাবলৈ আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব?
মনোজ কুমাৰঃ আমাৰ মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ যি অনুপম সৃষ্টি খোলবাদ্য তথা সত্ৰীয়া সংগীতক অনাগত নৱপ্ৰজন্মই যাতে প্ৰচাৰ কৰে আৰু লগতে ইয়াক যাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো প্ৰতিষ্ঠিত কৰে তাক লৈ মই অহৰহ চেষ্টা কৰি গৈ আছো। মই একাদশ শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে আমাক ছাত্ৰ-ছাত্ৰীসমূহক প্ৰশিক্ষণ দিয়াৰ বাবে মাতি নিছিলে তেতিয়া আমি খোলবাদ্যৰ ওপৰত লিখিত পুথিৰ অভাৱ অনুভৱ কৰিছিলো; মই এখন খোলবাদ্যৰ ওপৰত পুথি ৰচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো; খোলবাদ্যক কেৱলমাত্ৰ “মৌখিক” শিক্ষাতেই সীমাবদ্ধ নাৰাখি মই ২০১৪ চনত “খোলবাদ্য” নামে এখন পুথি প্ৰকাশ কৰিলো। এই পুথিখন প্ৰকাশৰ পিছতেই পাঠকসমাজে ইয়াক সঁহাৰি জনোৱাৰ লগতে সম্প্ৰতি ইয়াক বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাত পুথি ৰূপে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ উপৰিও মই বিভিন্ন সত্ৰ সমূহৰ বাজনা উদ্ধাৰ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে পুথি আকাৰে এইবোৰৰ সংৰক্ষণৰ চেষ্টা কৰি আছো আৰু অনাগত দিনতো মই কৰি যাম। মই ছাত্ৰ-ছাত্ৰী সমূহক খোলবাদ্যৰ উপৰিও বিভিন্ন অসমীয়া সংস্কৃতিৰ প্ৰতি জ্ঞাত কৰিবলৈ এখন “একাডেমী অৱ খোলবাদ্য” শীৰ্ষক বিদ্যালয়ৰ আৰম্ভণি কৰিছিলো; য’ত এতিয়া ৪ বছৰ বয়সৰ পৰা ধৰি ডাঙৰলৈ প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে খোলবাদ্যৰ শিক্ষা গ্ৰহণ কৰি আছে।
এই একাডেমীতেই শিক্ষাগ্ৰহণ কৰা একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন অনুষ্ঠানত যোগদান কৰাৰ সমান্তৰালকৈ এওঁলোকে ভাৰত চৰকাৰ তৰফৰ পৰা “জলপাঁনি” লাভ কৰিবলৈও সক্ষম হৈছে। মোৰ ছাত্ৰ-ছাত্ৰীৰ এনে সফলতাই আচলতে মোকো উৎসাহী কৰে; এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে “একাডেমী অৱ খোলবাদ্য” ৰ প্ৰতি বৰ্তমান ল’ৰাৰ সমান্তৰালকৈ আকৰ্ষিত হৈছে ছোৱালীও। লগতে, আমি একাডেমীৰ প্ৰত্যেকেই ভিতৰুৱা গাওঁৰ মাজলৈ গৈ তাত থকা ছাত্ৰ-ছাত্ৰী সকলক খোলবাদ্যৰ বিনামূলীয়া প্ৰশিক্ষণ দি আহিছো আৰু গ্ৰীষ্মকালীন প্ৰশিক্ষণো আমি বিগত কেইবাটাও বৰ্ষৰ পৰা দি আহিছো।
প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
মনোজ কুমাৰঃ আগন্তুক প্ৰকল্পটো বহুতেই পৰিকল্পনা কৰিছো। এক কথাত ক’বলৈ গ’লে মই যেনেদৰে কৈছো যে মোৰ জীৱনৰ এটাই লক্ষ্য আৰু উদ্দেশ্য হৈছে “খোলবাদ্য” ক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ বাবে মই চেষ্টা কৰি যাম বুলি নিজৰ মাজতেই মই প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ উপৰিও, বৰ্তমান বিভিন্ন সত্ৰৰ যিখিনি লুপ্তপ্ৰায় বাজনা সেই আটাইবোৰকে মই তুলি আনি পুথি আকাৰে তাক সংৰক্ষণ কৰাৰ চেষ্টা কৰিছো লগতে মোৰ যি “একাডেমী অৱ খোলবাদ্য”; ইয়াৰ দ্বাৰা মই বিভিন্ন ভিতৰুৱা গাওঁলৈ গৈ অসমীয়া সংস্কৃতিৰ প্ৰচাৰ ও প্ৰসাৰত মনোনিৱেশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। মই “গুৰুকুল” নামে এক অনুষ্ঠান খুলাৰো এক পৰিকল্পনা কৰিছো য’ত আমি সংস্কৃতি শিক্ষা প্ৰদান কৰাৰ লগতে বাহিৰৰ পৰা অহা বিভিন্ন জন সংস্কৃতিৰ সৈতে জড়িত গুণী-জ্ঞানী ব্যক্তি ইয়াত আহি থাকিব পাৰিব আৰু যিসকলে অসমীয়া সংস্কৃতি শিকিবলৈ ইচ্ছা কৰে তেওঁলোকে “গুৰুকুল” ত থাকি এয়া শিকিব পাৰিব। ৰূপালীপৰ্দাৰ জৰিয়তে চৰকাৰলৈও মোক এই “গুৰুকুল” আৰম্ভ কৰিবলৈ কিছু সহায়-সহযোগ কৰাৰ বাবে আৱেদন কৰিলো।
প্ৰশ্নঃ আপুনি এজন শিক্ষাগুৰু ৰূপে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটা বিশেষ উপদেশ কি হ’ব?
মনোজ কুমাৰঃ যি জাতিৰ কৃষ্টি-সংস্কৃতি নাথাকে সেই জাতি মেৰুদণ্ডহীন লগতে যি জাতিত সংস্কৃতি নাথাকে ই বৰ বেছি দিনলৈ তিষ্ঠি থাকিব নোৱাৰে। কাৰণ, এটা জাতিৰ চিনাকী হৈছে তেওঁলোকৰ সংস্কৃতি আৰু ই আমাৰ মূল শিপা; গতিকে মই আমাৰ ছাত্ৰ-ছাত্ৰী সকলক এটাই উপদেশ দিম যে যাতে তেওঁলোক এই শিপা ডালৰ পৰা আঁতৰি নগৈ পেলাই আমাৰ কৃষ্টি-সংস্কৃতিক যাতে তেওঁলোকে মনে-প্ৰাণে ভাল পায়। তেওঁলোকলৈ উপদেশ নহয় আচলতে ই এক আহ্বান মোৰ তৰফৰ পৰা যে তেওঁলোকে যাতে আমাৰ যি বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি এই আটাইবোৰক তেওঁলোকে আগুৱাই লৈ যাবলৈ আৰু উচ্চ স্তৰত প্ৰতিষ্ঠিত কৰি ইয়াৰ ওপৰত শিক্ষা গ্ৰহণ কৰক, গৱেষণা কৰক। মহাপুৰুষ দুজনাৰ যি অমূল্য অৱদান এইসমূহক শিকি বুজি যাতে উঠি অহা প্ৰজন্মই বিশ্ব দৰবাৰলৈ লৈ যায় এয়াই মোৰ তেওঁলোকৰ ওচৰত আহ্বান।
………ধন্যবাদ মনোজ। আপোনাৰ আগন্তুক অসমীয়াৰ সংস্কৃতি ধৰি ৰখা যি পৰিকল্পনা; ই যাতে সফল হয়।
মনোজ কুমাৰঃ ধন্যবাদ।
তেও মোৰ গুৰু, সেয়াই মোৰ বাবে ভাগ্যৰ কথা