আন দহজনৰ দৰে ৰঞ্জন বেজবৰুৱাৰ সংগীত-কৰ্ম নহয়। সংগীত- কৰ্মীগৰাকীৰ সংগীতৰ ভাষা- সংস্কৃত। কথা প্ৰসংগত জানিব বিচাৰিছিলোঁ তেওঁৰ গীতৰ ভাষা সংস্কৃত কিয়? উত্তৰত কৈছিল-
১)
সংস্কৃত অতি সাংগীতিক আৰু শ্ৰুতিমধুৰ ভাষা। যিকোনো কথা সংস্কৃতত উচ্চাৰণ কৰিলে সি অধিক আৱেদনময় হৈ পৰে। গীতৰ ক্ষেত্ৰত এই আৱেদন হয় সৰ্বাধিক। সেয়েহে সংস্কৃতৰ দৰে এটি অৰ্থ-গৌৰৱময় ধ্ৰুপদী ভাষাত গীত ৰচনা কৰা বা অন্য ভাষাৰ গীত ৰূপান্তৰ কৰি গোৱাটো মোৰ বাবে হৈ পৰিল এক স্বপ্ন, এক সাধনা ।
২) সংস্কৃত ভাষাত মৌলিক বা অনূদিতৰূপত গীত পৰিৱেশন কৰিলে কেইবাটাও উদ্দেশ্যে সিদ্ধি হ’ব পাৰে। প্ৰথমে- আমাৰ প্ৰান্তীয় সংগীত-ধাৰাই অৱধাৰিতভাৱে লাভ কৰিব পাৰে- এক নতুন ব্যাপ্তি, নতুন দীপ্তি তথা ধ্ৰুপদী মহিমা। গীতে-সংগীতে, ধ্বনিয়ে-প্ৰকাশে- এক অনুপম ‘ভাৰতীয়ত্ব’ ইয়াত নতুনকৈ যুক্ত হ’ব পাৰে। তাৰ দ্বাৰা আমাৰ জাতীয় সংগীতধাৰা হৈ পৰিব পাৰে বিশ্বজনীন।
কিয়নো সংস্কৃত একে সময়তে ভাৰতীয় আৰু আন্তৰ্জাতিক ভাষা। ভাষাতত্ত্বৰ ইতিহাসৰ দৃষ্টিৰে প্ৰায় পাঁচ হেজাৰ বছৰীয়া ইণ্ডো-ইউৰোপীয় ভাষা গোষ্ঠীৰ জ্যেষ্ঠ দুহিতা সংস্কৃতৰ লগত আছে বিশ্বৰ বহু প্ৰসিদ্ধ প্ৰধান ভাষাৰ নাড়ী
BY: UTPAL MENA
Add comment