Rupaliparda.com
ন-প্ৰকল্প; ন-বিষয়বস্তু; আহিবলৈ সাজু "ৰংঘৰ ২৪"- 1

ন-প্ৰকল্প; ন-বিষয়বস্তু; আহিবলৈ সাজু “ৰংঘৰ ২৪”-

সম্প্ৰতি মনোৰঞ্জন জগতখনত অধিক প্ৰাধান্য পাবলৈ সক্ষম হৈছে একোখন ৱেব চিৰিজে। এনে ৱেব চিৰিজ সমূহৰ জনপ্ৰিয়তাৰ সাক্ষী আচলতে আমি সকলোবোৰ; বৰ্তমান লেখত ল’বলগীয়া অথবা ৰাষ্ট্ৰীয় ক্ষেত্ৰত দপদপাই থকা ৱেব চিৰিজ কেইখনমানৰ বিষয়ে যদি সুধিবলৈ যাওঁ তেনেহ’লে এই প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ পৰিব সকলো। গতিকে, এনে ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ ৱেব চিৰিজৰ সমান্তৰালকৈ বৰ্তমান অসমীয়া মনোৰঞ্জন ক্ষেত্ৰতো নিৰ্মাণৰ আৰম্ভণি হৈছে ইখনৰ পিছত সিখনকৈ নতুন বিষয়বস্তুৰ ৱেব চিৰিজ। ন-ন বিষয়বস্তুৰ সৈতে আহিবলৈ সাজু হৈছে একাংশ ৱেব চিৰিজ; ইতিমধ্যে ইয়াৰ শুভাৰম্ভ কৰা হৈছে এটা “ৰংঘৰ ২৪” নামে এটি এপৰ দ্বাৰা। উক্ত এপটোৰ সৌজন্যতে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে এখন ৱেব চিৰিজ “The Justice” ৰ। কিছুদিন পূৰ্বে এই ৱেব চিৰিজখনৰ শ্বুটিং আৰম্ভ কৰা হৈছিল যদিও বৰ্তমান ৰাজ্যত চলি থকা কালৰূপী মহামাৰী “ক’ভিড ১৯” ৰ ফলত ইয়াৰ শ্বুটিং” ৰখাই দিয়া হৈছে।

ন-প্ৰকল্প; ন-বিষয়বস্তু; আহিবলৈ সাজু "ৰংঘৰ ২৪"- 2


নিউটন লাগথাছাৰ পৰিচালনাৰে নিৰ্মিত ৱেব চিৰিজ খনৰ কাহিনী সঞ্জীৱ গগৈৰ। ইয়াত চিত্ৰনাট্য ও সংলাপ দিছে ত্ৰৈলোক্য কাশ্যপে লগতে ইয়াৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে প্ৰদীপ দৈমাৰী। ঋতুৰঞ্জন হাতীমূৰীয়াই ৱেব চিৰিজখনৰ সহঃ পৰিচালনা আৰু সম্পাদনাৰ দায়িত্ব বহন কৰিছে। চলিত বৰ্ষৰ শেষৰ ফালে উপলদ্ধ হ’বলগীয়া এই এপটোত উক্ত ৱেব চিৰিজ খনৰ উপৰিও থাকিব আন ভিন্ন আকৰ্ষণীয় ৱেব চিৰিজো। চাচপেন্স থ্ৰীলাৰধৰ্মী কাহিনীৰে নিৰ্মিত ৱেব চিৰিজ খনক লৈ বৰ্তমান অপেক্ষাৰত অসমীয়া দৰ্শকো। ৱেব চিৰিজ খনৰ প্ৰমো’ গীতটিত কন্ঠদান কৰিছে ভাস্কৰ শইকীয়া আৰু পম্পী পূৰৱীয়ে।

ন-প্ৰকল্প; ন-বিষয়বস্তু; আহিবলৈ সাজু "ৰংঘৰ ২৪"- 3


ৱেব চিৰিজ খনত অভিনয় কৰিছে প্ৰদীপ নিতীশ, বিনয় ডেকা, অশ্বিনী ডেকা, বিৰিণা চক্ৰৱৰ্তী, বসন্ত শইকীয়া, ৰাতুল শৰ্মা, ত্ৰৈলোক্য কাশ্যপ, জয়শ্ৰী বৰ্মন, সুজাতা মণ্ডল, স্বেতা ৱাসক, সৌৰভৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform