Rupaliparda.com
"আমি যদিও "গান-বাজনা" বুলি কওঁ; কিন্তু ই পিছলৈ গৈ "বাজনা-গান" হে হৈ পৰে"- হিমাংশু প্ৰসাদ দাস 1

“আমি যদিও “গান-বাজনা” বুলি কওঁ; কিন্তু ই পিছলৈ গৈ “বাজনা-গান” হে হৈ পৰে”- হিমাংশু প্ৰসাদ দাস

হিমাংশু প্ৰসাদ দাসৰ প্ৰত্যেকটো সৃষ্টিয়েই আচলতে আকৰ্ষণ কৰে দৰ্শক ও শ্ৰোতাক। “লক-ডাউন” ৰ এই সময়খিনিতেই তেওঁৰ বিভিন্ন কবিতা ও সংগীতে আকৰ্ষণ কৰিছে জনসাধাৰণক। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেওঁৰ গীত “হাবু-ডুবু” য়ে আকৌ এবাৰ শিল্পী গৰাকীৰ অনুৰাগীক আপ্লুত কৰিবলৈ সক্ষম হৈছে। থিয়েটাৰ গীত নামেৰে নামকৰণ কৰা এই গীতটিৰ আছে এক আন বিশেষত্ব; এই গীতটিত বেণ্ড পাৰ্টিৰ শিল্পী সমূহে যিসমূহ বাদ্য-যন্ত্ৰৰ ব্যৱহাৰ কৰে কেৱল মাত্ৰ তাকেই ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাহিৰে, ইয়াত কোনোধৰণৰ ইলেকট্ৰনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰা হোৱা নাই। উক্ত “হাবু-ডুবু” শীৰ্ষক গীতটিক লৈ যেতিয়া হিমাংশু প্ৰসাদ দাসৰ সৈতে কথা পতা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “থিয়েটাৰী গীতবোৰত আমাৰ এক সামাজিক বাৰ্তা থাকে; “থিয়েটাৰী গীত” নামটো আচলতে আমিয়ে দি লৈছিলো কাৰণ সাধাৰণতে আমি গান শুনিলে অথবা তুমিও যদি মন কৰিছা বুজিবা যে গান এটা ভাল লাগিলে আমি প্ৰায়ে ইয়াক গুণগুনাই থাকো; কিন্তু ইয়াৰ কথাখিনিত গুৰুত্ব আমি বহুদিন পিছতহে দিওঁ।


সুৰ বা সংগীতৰ মাজত কেতিয়াবা গীতৰ কথাখিনি হেঁৰাই যোৱা নিচিনা অনুভৱ হয়। কিন্তু “থিয়েটাৰী চং” টো ৰাইজে প্ৰথম শুনিব লাগিব; বুজিব লাগিব তেতিয়াহে ই বোধগম্য হ’ব। এইখিনিতে এটা কথা কওঁ যে, আমি যদিও “গান-বাজনা” বুলি কওঁ; কিন্তু ই পিছলৈ গৈ “বাজনা-গান” হে হৈ পৰে। মিউজিকটোৱে ইমান বেছি প্ৰাধান্য লাভ কৰে যে ই পিছলৈ ওলোটা খৰ মাৰে। গতিকে, আমি এই গীতটোক এটা “গীত” কৰিয়েই ৰাখিব খুজিছো। আৰু, “হাবু-ডুবু” ত ব্যংগ মাধ্যমেৰে আমি এটা সামাজিক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছো।”

"আমি যদিও "গান-বাজনা" বুলি কওঁ; কিন্তু ই পিছলৈ গৈ "বাজনা-গান" হে হৈ পৰে"- হিমাংশু প্ৰসাদ দাস 2


লগতে, হিমাংশু প্ৰসাদ দাসে কয় যে, “হাবু-ডুবু” গীতটোত এজন নিৱনুৱাই বিয়া পাতিবলৈ যাওঁতে সন্মুখীন হোৱা সমস্যা অৰ্থাৎ এজন নিবনুৱাই যেতিয়া চাকৰি নথকাৰ কাৰণে কইনা বিচাৰি হাবাথুৰি খায় তাক প্ৰতিফলিত কৰা হৈছে। নিবনুৱা জন শিক্ষিত যদিও তেওঁ ঘোঁচ দিব নোৱাৰাৰ ফলতেই এটা ভাল চৰকাৰী চাকৰি তেওঁ ল’ব নোৱাৰিলে। সৰুতে আমাক কোৱা হৈছিল নহয় “পঢ়া শুনা কৰে যি, গাড়ী ঘোঁৰাত উঠে সি”; এনেদৰে শিকাইছিল যদিও বাস্তৱত ই ওলোটাহে হৈ পৰিছে। গতিকে,এই কথাখিনিকেই লৈ “থিয়েটাৰী চং” টো লিখা হৈছিল।” গীতটিত কথা আছিল হিমাংশু প্ৰসাদ দাস আৰু প্ৰাঞ্জল এ শৰ্মাৰ লগতে ভিডিঅ’টোত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাসৰ লগতে ধৰিত্ৰী আৰু তপনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.