শেহতীয়াকৈ জুবিন গাৰ্গ আৰু বৰষা বৰাৰ কন্ঠৰে মুক্তি লাভ কৰিছিল “হালধীয়া সপোন” শীৰ্ষক এটি গীত; ক’বলৈ গ’লে নৱপ্ৰজন্মৰ কন্ঠৰে মুক্তি পোৱা আন এটি সুন্দৰ গীতে মন্ত্ৰমুগ্ধ কৰি তুলিলে পুনৰ বাৰ দৰ্শক ও শ্ৰোতাক। নৱপ্ৰজন্মৰ প্ৰতিভাক সুবিধা দিয়াৰ ক্ষেত্ৰত আচলতে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনে কোনো দিন পিছ হুহঁকা নাই; একোজন জনপ্ৰিয় কন্ঠশিল্পী অথবা একো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে প্ৰায়ে নতুন একোজন নৱপ্ৰজন্মৰ শিল্পী, কলা-কুশলীক প্ৰাধান্য দিয়া দেখিবলৈ পোৱা যায়। সদ্যমুক্তিপ্ৰাপ্ত এই “হালধীয়া সপোন” শীৰ্ষক গীতটিকো শ্ৰোতাই আঁদৰি লোৱা দেখিবলৈ পোৱা গৈছিল। ৰূপালীপৰ্দাৰ সৈতে হোৱা বৰষা বৰাৰ কথা বতৰা যোগে তেওঁক নিজৰ সাংগীতিক যাত্ৰাটোৰ বিষয়ে সোধাত তেওঁ কৈছিল যে,”মোৰ এই যাত্ৰা আৰম্ভ হৈছিল তৃতীয় শ্ৰেণীৰ পৰাই; সেইটো সময়ত মোক মাই এটা জ্যোতিসংগীত শিকাই দিছিল আৰু সেইটোকে শিকি মই স্কুলত পৰিৱেশন কৰাত মই প্ৰথম পুৰস্কাৰ লাভ কৰিছিলো। তেতিয়া মোৰ স্কুলৰ অধ্যক্ষ গৰাকী আহি মোৰ মা হঁতক মোক গান শিকাবলৈ কৈছিল আৰু তেতিয়াই মোৰ মাই মোক গানৰ স্কুলত নামভৰ্তি কৰি দিছিল। আচলতে, ঘৰতো মই এটা পৰিৱেশ পাইছিলো; অকল সাংগীতিক পৰিৱেশ বুলি ক’লে ভুল কোৱা হ’ব কিন্তু “নাম-প্ৰসংগ” ৰ সৈতে জড়িত হৈ আছিল মোৰ পৰিয়ালটো। মোৰ ককাদেউতা নৰহৰি পাঠক; লগতে মোৰ দেউতাৰ দেউতাক বা মোৰ মাৰ দেউতা, এই দুয়োফালৰ ককাই নাম প্ৰসংগৰ সৈতে জড়িত আছিল।”
আগলৈ তেওঁ কয় যে, “তেওঁলোকৰ বহুত নামৰ দল আছিল লগতে হলি খেল গীত, নাওঁ খেল গীত, ভোঁৰতাল গীত, ঘোষা ইত্যাদি তেওঁলোকে অইনকো শিকাইছিল। গতিকে, মোৰ ঘৰত এটা পৰিৱেশ মই পাইছিলো; মোৰ মাইও বৰগীত গায়, দেউতাৰ গান শুনা চখ আছে। এইবোৰৰ ফলত মই আগবাঢ়ি যোৱাত সফল হৈছিলো যদিও মোৰ দেউতাই প্ৰথমাৱস্থাত সংগীত ক্ষেত্ৰখনত আগবাঢ়ি যোৱাটো বিচৰা নাছিল কিন্তু এটা থাকে নহয় যে “ভাগ্যত যি আছে তাকেই হ’ব”। কন্ঠশিল্পী গৰাকীয়ে তেওঁৰ সংগীতেৰে কেনেদৰে শ্ৰোতাক আকৰ্ষণৰ চেষ্টা কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, “আচলতে, প্ৰত্যেকৰে নিজস্ব একোটা ইচ্ছা বা নিজস্বতা থাকে; মোৰ ইচ্ছাটো আছে “মেলডী” গীতৰ প্ৰতি, মই সৰুৰ পৰা মেলডী গীত শুনিছো বা যিখিনি ধৰক চেমি ক্লাচিকেল, লভ চং অথবা প্ৰেম-বিষাদৰ গীত সেই সমূহ মোৰ ভাল লাগে গতিকে এনেক্ষেত্ৰত মই এই সমূহ গীতৰ প্ৰতি বেছি আকৰ্ষিত। আৰু, মোৰ অভিজ্ঞতানুসৰি যিখিনি মোৰ শ্ৰোতা আছে তেওঁলোকেও মোৰ এই গীত সমূহেই শুনি ভাল পায়। ইয়াৰ উপৰিও যদি মই মোৰ লিখা বা সুৰ কৰা গীত সমূহৰ কথা ক’বলৈ যাওঁ তেতিয়াও কিন্তু মোৰ ওচৰলৈ এনেধৰণৰেই গীত সমূহ আহিছে। কিন্তু, এনে নহয় যে মই কেৱল “মেলডী” গীত সমূহৰ সৈতেই ব্যস্ত হৈ পৰিম; মই অইন অইন ক্ষেত্ৰখনতো সোমাই যাবলৈ চেষ্টা কৰি আছো।”
বৰষাই শ্ৰোতাৰ কথা ক’বলৈ যাওঁতে তেওঁ কয় যে “ভিন্ন জন শ্ৰোতাৰ ভিন্ন মতামত থাকে কিন্তু এতিয়ালৈ মই কাম কৰা খিনিত অধিকাংশ শ্ৰোতাই সহাঁৰি জনাইছে বা মোক আগবাঢ়িবলৈ প্ৰেৰণা দিছে আৰু আচলতে মইও এই ক্ষেত্ৰখনত এনেদৰেই আগবাঢ়িব খুজো।” ৰূপালীপৰ্দাই যেতিয়া তেওঁক হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰা সময়ৰ অভিজ্ঞতাৰ বিষয়ে সোধে তেতিয়া কন্ঠশিল্পী গৰাকীয়ে কয় যে, “তেওঁৰ সৈতে গীত পৰিৱেশন কৰি কেনে লাগিছিল তাক আচলতে কথাৰে হয়টো বুজাব পৰাটো অকণমান টান হ’ব কিয়নো বৰ্তমান নৱপ্ৰজন্মৰ যিমানবোৰ উঠি অহা কন্ঠশিল্পী বা লিখক অথবা সুৰকাৰ আছে সেই আটাইবোৰৰে হয়টো এই ইচ্ছাটো আছে যে আমি কেতিয়াবালৈ হ’লেও জুবিন গাৰ্গৰ সৈতে কাম কৰিম। গতিকে, মোৰো ঠিক তেনেদৰেই এটা ইচ্ছা আছিল; কিন্তু এয়া যে ইমান সোনকালেই সম্ভৱ হ’ব সেয়া মই ভবা নাছিলো। জনসাধাৰণৰ বাবে এয়া বহুত দিন হ’লেও মোৰ বাবে এয়া সোনকালেই হৈছে।
সঁচা কথা ক’বলৈ গ’লে, শেহতীয়াকৈ মুক্তি লাভ কৰা এই গীতটি মই পাঁচ বছৰ আগতেই কৰিছিলো যেতিয়া এই অসমীয়া সংগীত ক্ষেত্ৰখনত মই খোজ দিছিলো। এই গীতটি বহু আগৰ যদিও এতিয়ালৈ এই গীতটি মোৰ বাবে যথেষ্ট আপোন আৰু মই বিচাৰিছিলো এই গীতটিক বহুত বেছি সুন্দৰতাৰে কৰাটো কাৰণ গীতটিক লৈ মোৰ বহুত আশা আছিল। মই নিজকে ভাগ্যৱান বুলি ক’ম, কাৰণ গীতটিৰ কাম কৰি থকা অৱস্থাত মই ভবা নাছিলো যে গীতটিত মই জুবিন গাৰ্গৰ সৈতে কন্ঠ নিগৰাম। গীতটি আচলতে বেলেগৰ বাবেহে বনোৱা হৈছিল; ইয়াত কথা দিছিল শশাংক সমীৰ দাই। আপোনালোকৰ সকলোৰে চিনাকী অৰূপ জ্যোতি বৰুৱা, তেওঁয়েই গীতটি পৰিচালনা কৰিছিল আৰু তেওঁ পৰিচালনা কৰি থকা সময়ত মইও ষ্টুডিঅ’ত আছিলো মোৰ বেলেগ গীতৰ কাম চলি আছিল তেতিয়া; মোক অৰূপ দাই গাইডটো গাবলৈ কৈছিল। কিন্তু পিছলৈ গীতটি যে মোৰ হ’ব সেয়া মই ভবা নাছিল। অৰূপ দা হঁতে মোক জনাইছিল যে গীতটি তোমাৰ লগত জুবিন দাই কন্ঠদান কৰিব; এই আটাইবোৰ কথা মোৰ বাবে বুজাব নোৱাৰা অনুভৱ। যদিও গীতটি মোৰ প্ৰডাকচনৰ তথাপিও গীতটিৰ সৈতে জড়িত আমি সকলোৱে এটা পৰিয়ালৰ দৰেই কাম কৰিছো। ভৱিষ্যতে জুবিন দাৰ সৈতে এগৰাকী গীতিকাৰ আৰু সুৰকাৰ হিচাপে কাম কৰাৰ বাবে মই উৎসাহী ।”
Add comment