Rupaliparda.com
বানপীড়িতলৈ বৰ্ণালী কলিতাৰ সমবেদনাঃ 1

বানপীড়িতলৈ বৰ্ণালী কলিতাৰ সমবেদনাঃ

“ক’ভিড ১৯” অথবা “লক- ডাউন” ৰ বিভীষিকাৰ মাজতেই আকৌ প্ৰাকৃতিক দূৰ্যোগ বানপানীয়ে দিছে সৰ্বসাধাৰণ ৰাইজক কষ্ট। দীৰ্ঘদিনীয়া “লক-ডাউন” ৰ পিছত পুনৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে একাংশৰ ঘৰ-দুৱাৰৰ পৰা আদি কৰি জীৱন নিৰ্বাহৰ স্থল। বিগত বছৰ সমূহত এনে জনসাধাৰণক সহায়ৰ বাবে বহু শিল্পী/ কলা-কুশলী আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছিল যদিও এইবাৰৰ “লক-ডাউন” ৰ ফলত সমষ্ট জনসাধাৰণ আৱদ্ধ হ’বলগীয়া হৈছে নিজ নিজ বাসগৃহত। তৎস্বত্বেও, একাংশ শিল্পীয়ে এনে পৰিস্থিতিৰ অতিশীঘ্ৰেই সাম কটাতো বিচাৰিছে; ইয়াৰ ভিতৰত এগৰাকী হৈছে কন্ঠশিল্পী বৰ্ণালী কলিতা। তেওঁ এটি পোষ্টৰ জৰিয়তে বানপীড়িত সকলক যাঁচে সমবেদনা। প্ৰায় প্ৰতিটো বিষয়ত সক্ৰিয়ভাৱে মাত মতা বৰ্ণালীয়ে প্ৰায়ে চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰি দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। অনুৰাগীৰ দীঘলীয়া শাৰী লাভ কৰিবলৈ সক্ষম এই কন্ঠশিল্পীৰ প্ৰায় প্ৰতিটো গীতৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি।

https://www.instagram.com/p/CCpyG5IlXmx/?utm_source=ig_web_copy_link
বানপীড়িতলৈ বৰ্ণালী কলিতাৰ সমবেদনাঃ 2


উল্লেখ্য যে, “লক-ডাউন” ৰ প্ৰথমভাগত বৰ্ণালী কলিতাক প্ৰায় ৫৭ খন ফেচবুক পেজৰ পৰা লাইভ আহিবলৈ অনুৰোধ কৰিছিল যদিও কন্ঠশিল্পী গৰাকী অমান্ত হৈছিল। কিন্তু কালক্ৰমত, এই আটাইবোৰ কথাৰ প্ৰসংগ তুলি একাংশ ফেচবুক পেজৰ প্ৰকাশকে বৰ্ণালী কলিতাৰ মিম প্ৰস্তুত কৰি ভাইৰেল কৰিবলৈ প্ৰস্তুতি কৰা বুলি কথা শুনিবলৈ পোৱা যায়। আচলতে, বেয়াৰ মাজতো যে ভাল থাকে ইয়াৰ প্ৰমাণ সদায় সৰু বৰ কথাত পাব পৰা যায়। বৰ্ণালী কলিতাৰ কিছু শুভাকাংক্ষীৰ তৎপৰতাত কন্ঠশিল্পী গৰাকী এই আটাইবোৰ তথ্য পাবলৈ সক্ষয় হয় আৰু তেওঁ অৱশেষত আইনৰ কাষ চাপে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform