কম বয়সতে কিছুমান গুৰু-গম্ভীৰ দায়িত্ব লৈ আগবঢ়া বহু ব্যক্তি আমি দেখিছো। কোনোৱে হয়টো তেনেকৈয়ে আগবাঢ়ি আজি নিজ পৰিয়ালটো পোহপাল দি আছে আৰু কোনোৱে সফলতাৰ শিখৰলৈ এখোজ দুখোজ আগবাঢ়ি যাবলৈ চেষ্টা চলাইছে। এনে বহু উদাহৰণ আছে আৰু আচলতে এনেকুৱা বোৰ উদাহৰণে প্ৰত্যেককে উৎসাহিত কৰাত সহায় কৰে। মনোৰঞ্জন এনে এক বস্তু; যি কেতিয়াও থমকি নৰয়। প্ৰতিটো বস্তুত বিৰাম লাগিলেও আচলতে এই ক্ষেত্ৰখনত কোনোদিন বিৰাম নালাগে; সেইবাবেই হয়টো এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিতও হৈ বিভিন্ন জন। সৰুৰ পৰাই এটা গীত শিকি লৈ দৰ্শকৰ মাজত উপস্থাপন কৰি পোৱা হাত চাপৰিয়ে জনা নোহোৱাৰ পৰাই এই ক্ষেত্ৰখনৰ প্ৰতি শ্ৰদ্ধাৰ সৃষ্টি কৰি আহিছে। কম বয়সতে সংগীত ক্ষেত্ৰখনক লৈ অযুত সপোন দেখা এগৰাকী শিল্পী হৈছে ৰণি ফাৰহাত। কেইবাটাও গীত নিজ কথাৰে সজোৱা এই গৰাকী শিল্পীৰ বয়স মাত্ৰ ১৭ বছৰ; ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত তেওঁক যেতিয়া তেওঁৰ শব্দত থকা ব্যতিক্ৰমৰ বিষয়ে সোধা হৈছিল তেতিয়া ৰণিয়ে কৈছিল যে “সংগীত ক্ষেত্ৰখনত মোৰ এতিয়ালৈ কোনোধৰণৰ লেখত ল’বলগীয়া অৱদান নাই। তথাপিও এতিয়াৰ পৰা আগন্তুক সময়লৈ যি যি সৃষ্টি কৰিম তাৰ দ্বাৰা যাতে মই অসমীয়া ৰাইজ লগতে সংগীতপ্ৰেমী সকললৈ ভাল ভাল অৱদান দিব পাৰো তাৰ চেষ্টা অব্যাহত ৰাখিম। মোৰ নিজস্ব বয়সনুযায়ী যিমান খিনিলৈ বুজিব পাৰো বা কৰিব পাৰো সিমানখিনিলৈ মই কৰিবলৈ প্ৰয়াস কৰিছো।”
তেওঁ আগলৈ কয় যে, ” বৰ্তমান সংগীত ক্ষেত্ৰখনত কিছুমান সস্তীয়া গীতৰ উজান উঠা দেখিবলৈ পোৱা যায়; যাক শ্ৰোতাসকলেও শুনিবলৈ ভাল নাপায় বা এই সস্তীয়া গীত সমূহৰ কাৰণে জনসাধাৰণে প্ৰতিজন নৱপ্ৰজন্মৰ সৃষ্টি একেই বুলি ভাৱিবলৈ লয়। এই সস্তীয়া কামবোৰৰ ঠাইত কিছুমান ভাল কাম কৰি ঘৰুৱা দৰ্শকৰ লগতে বিশ্ব দৰবাৰতো অসমীয়া সংগীতক প্ৰতিষ্ঠা কৰোৱাই মোৰ একমাত্ৰ সপোন। ৰাইজৰ মাজত ব্যতিক্ৰমী চিন্তাৰে গীতবোৰ লিখি আগবঢ়োৱাৰ চেষ্টা কৰিম। বহুকেইজন অসম সন্তানে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তথা অসমী আইৰ নাম সাত সাগৰ তেৰ নদীৰ পাৰতো উজ্বলাইছে গতিকে এনেবোৰ শিল্পী মোৰ বাবে গুৰুতুল্য আৰু অনাগত দিনত মই এওঁলোকৰ পৰা শিকি যাবলৈ চেষ্টা কৰিম।”
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ৰণিয়ে নিজ শৈক্ষিক জীৱনৰ লগতে গুৰুত্ব দিছে নিজ ইচ্ছা, সপোন অৰ্থাৎ সংগীত ক্ষেত্ৰখনত। তৎস্বত্তেও তেওঁৰ এই সংগীতক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ দূৰ্বাৰ হেপাঁহে তেওঁৰ প্ৰতি দৰ্শকক আকৰ্ষণ কৰিছে। তেওঁ কয় যে, “মোৰ পৰিয়ালৰ কোনো সদস্যই এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত নহ’লেও মোৰ মাই নিজ বিবাহৰ পূৰ্বে বহু কেইটা গীততেই কন্ঠদান কৰিছিল আৰু এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত তেওঁ মোক যথেষ্ট সহায় আগবঢ়াইছে। আহিবলগীয়া দিনত মই মোৰ নিজৰ স্কুলীয়া শিক্ষাৰ লগতে অসমীয়া নতুন নতুন শব্দ বোৰ শিকিবলৈ চেষ্টা কৰিম কিয়নো এই শব্দ সমূহে মোক এটা গীত ৰচনা কৰাত বহুত সহায় আগবঢ়াব। আচলতে, মই নাজানো যে আপোনালোকে মোক মোৰ বিষয়ে সোধাত মই কিমান সুন্দৰকৈ উত্তৰখিনি দিছো কিন্তু মই এটাই কথা ক’ম যে মই যিমান পাৰো চেষ্টা কৰিম নিজক ৰাইজৰ মাজত উপস্থাপন কৰিবলৈ।”
বহুত বেছি ধন্যবাদ থাকিল ৰূপালী পৰ্দা ও ৰীমা দত্ত বাইদেউলৈ।।