কিছু নতুন গীত, কিছু নতুন কন্ঠৰ একোটি গীতে প্ৰায়ে দৰ্শক আৰু শ্ৰোতাক আকৰ্ষণ কৰে। বহুকেইটা জনপ্ৰিয় গীতৰ সৈতে নিজ সংগীতৰ ভঁৰাল চহকী নকৰিলেও এওঁলোকৰ কন্ঠৰ মাদকতাই ৰাইজক নিজ অনুৰাগী কৰি তুলিবলৈ সক্ষম হয়। এনে এগৰাকী কন্ঠশিল্পী হৈছে প্লাৱিতা বৰদলৈ শইকীয়া। “বাৰিষাৰে বৰষুণ” লগতে শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “আৰজুজি আৰজুজি” শীৰ্ষক গীত দুটিৰ দ্বাৰা বুজিব পৰা যায় তেওঁৰ প্ৰতিভা। সদ্যমুক্তিপ্ৰাপ্ত উক্ত “আৰজুজি আৰজুজি” শীৰ্ষক কাৰ্বি গীতটি অসমীয়া সংস্কৰণলৈ আনি তাত কন্ঠদান কৰে প্লাৱিতাই। বোকাজান সংগীত বিদ্যালয়ৰ পৰা সংগীত চৰ্চা আৰম্ভ কৰা এই গৰাকী শিল্পীয়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে সংগীত বিষাৰদ। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা Cultural Studies বিষয়ত স্নাতকোত্তৰ লাভ কৰা প্লাৱিতা হৈছে যোৰহাট আৰু ডিব্ৰুগড় অনাঁতাৰ কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শিল্পী।

সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত এই গৰাকী শিল্পীয়ে আকৌ এটি নতুন গীতৰ প্ৰস্তুতি চলাইছে। “তোমাৰ পদূলিৰ শেৱালী” শীৰ্ষক এই গীতটিক মুকলি কৰি দিয়া হ’ব দুই-এদিনতে; গীতটিত কথা কৌস্তভ খাউণ্ডৰ লগতে ইয়াত কন্ঠদান কৰাৰ উপৰিও সুৰ দিছে প্লাৱিতাই নিজেই। গীতটিৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে সীমান্ত বৰ্মন আৰু আনহাতে গীতটিৰ দৃশ্যগ্ৰহণ কৰিছে মুকৰাং ইংলেং আৰু ডেনিচ ৰংহাঙে। গীতটিত অভিনয় কৰিছে দক্ষিণা মজুমদাৰে। অনুৰাগীৰ লগতে গীতটিক লৈ উৎসাহী হৈ আছে কন্ঠশিল্পী প্লাৱিতাও।

অসমৰ এনে কিছু কন্ঠশিল্পী আছে যিয়ে কেইবাটাও গীতত কন্ঠদান কৰা নাই যদিও তেওঁলোকৰ দ্বাৰা মুক্তিপ্ৰাপ্ত গীত সমূহত জনসাধাৰণে নতুনত্ব আৰু ব্যতিক্ৰমী উপাদানৰ সোঁৱাদ লাভ কৰে। পূৰ্বতেও বহু শিল্পীয়ে মন্তব্য কৰিছিল যে তেওঁলোকে এই ক্ষেত্ৰখনত কেৱল মাত্ৰ অন্তৰ্ভূক্তি হোৱাই নহয় বিভিন্ন জনৰ মনত থকা একঘেয়ামীতা আঁতৰোৱাৰ চেষ্টা কৰে।
Add comment