ৰাজ্যত এইবাৰ বানে ভীতিগ্ৰস্ত কৰা জিলাৰ সংখ্যা হৈছে প্ৰায় ২৮ খন। ঠাইসমূহত বসবাস কৰা অধিকাংশ জনসাধাৰণকেই বৰ্তমান বানে মাধমাৰ সোধাইছে। আচলতে, প্ৰতিটো বছৰৰ দৰেই এইবছৰো বানে বিভীষিকা নমাইছে একাংশৰ জীৱনলৈ। কোনোৱে যদি খাবলৈ পোৱা নাই তাতেই আকৌ থাকিবলৈ সামান্য ঠাই পোৱা নাই একাংশই। পৰিয়ালৰ লোকৰ পৰা সামৰি পোহনীয়া জীৱ-জন্তুকো উটুঁৱাই নিছে বানে। ৰাজ্যত হোৱা এই “বানপানী সমস্যা” টোক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিবলৈ বিভিন্ন সময়ত আন্দোলন কৰাৰ লগতে ইয়াত ওপৰত বিভিন্ন ধৰণৰ টক-শ্বও অনুষ্ঠিত কৰা হৈছিল।

কিন্তু, অ’ত বছৰে কৰা প্ৰতিবাদ, আন্দোলন সমূহক উফৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “বানপানী” ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি একাষাৰে প্ৰকাশ কৰে আৰু ইয়াৰ পিছতেই সচেতন মহলত সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ। কন্ঠশিল্পী বাবুয়েও ইয়াক লৈ নিজ মন্তব্য দাঙি ধৰে আৰু কয় যে, “গামোচাৰে আৱেগ কিনে; বিবেকেৰে দংশন কৰে।” বাবুৰ এই পোষ্টটোত বৰ্তমান সকলোৱে সঁহাৰি জনায় আৰু শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। “বানপানী” ৰ এই বিষয়টোক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰৰ বাবে পূৰ্বতেও অসমীয়া শিল্পী সকলে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে।

১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।
Add comment