বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত চচিয়েল মিডিয়াকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল। ইয়াৰ ভিতৰত এক উল্লেখনীয় বিয়য় আছিল “নেপোটিজিম”; য’ত কিছুদিন পূৰ্বে জড়িত হৈছিল কৰীণা কাপুৰ খানৰো নাম। কৰীণা কাপুৰে শেহতীয়াকৈ দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয়, “এইবোৰ বিতৰ্ক বৰ অসাধাৰণ; আৰু ইয়াত একধৰণেৰে দৰ্শক আছে যিয়ে ভিতৰৰ মানুহক ষ্টাৰ বুলি পৰিগণিত কৰিছে। আমাৰ সংঘৰ্ষবোৰ বাহিৰৰ পৰা অহা সকলৰ দৰে ইমান ৰোমাঞ্চক নহয় যে তেওঁলোকৰ দৰে আমি ১০ টকা লৈ ট্ৰেইনত আহি এই ক্ষেত্ৰখনত সোমাই পৰিম।” লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে, ” ২১ বছৰৰ লৈকে মোৰ এই কাম কেৱল নেপোটিজিম ভৰষাত নাই চলা; এয়া সম্ভৱ নহয়। মই চুপাৰষ্টাৰৰ এখন দীঘলীয়া শাৰী প্ৰস্তুত কৰিব পাৰো, যিয়ে ইণ্ডাষ্ট্ৰীৰ ভিতৰৰ হৈয়ো ভাল একো কৰিব নোৱাৰিলে।”

লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে, “সংগ্ৰাম আমিও কৰিছো, শুনিবলৈ বেয়া লাগিলেও মইও কৰিছো সংঘৰ্ষ। অ’ মোৰ সংঘৰ্ষ ১০ টকাৰে ট্ৰেইনত অহা দৰে নহয়; এজন ইনচাইডাৰ আৰু আউটচাইডাৰক ষ্টাৰ বনাব পৰা ক্ষমতা থাকে দৰ্শকৰ ওচৰত। ভাল বেকগ্ৰাউণ্ড থাকিলেই যে ছবিত কাৰোবাক ৰাখি ল’ব তেনে কোনোদিন নহয়। দৰ্শকে আমাক বনাইছে; অইনে নহয়। আজি আঙুলি উঠাইছে তেওঁলোকেই যিয়ে আমাক ষ্টাৰ বনাইছে। আপুনি ছবি চাবলৈ গৈ আছে ন? কোনোৱেটো আপোনাক ধৰি-বান্ধি লৈ যোৱা নাই। এইবোৰ সমালোচনা অথবা বিষয় অগ্ৰহণযোগ্য।”
Add comment