২০১৫ চনত অসমীয়া সংগীত ক্ষেত্ৰখনত ভুমুকি মৰা শিল্পী সত্য ৰঞ্জন বৰ্তমান সময়ৰ জনসাধাৰণৰ বাবে বৰ চিনাকী হৈ পৰিছে। শেহতীয়াকৈ চচিয়েল মিডিয়াত বহুল হাৰত ভাইৰেল হোৱা এটি ৰাজনৈতিক গীতৰ আঁৰত থকা সত্য ৰঞ্জনে এতিয়ালৈ এগৰাকী সফল কন্ঠশিল্পী অথবা সংগীত ক্ষেত্ৰখনত জড়িত হৈ থকা এগৰাকী বহু প্ৰত্যাশিত শিল্পী ৰূপে নিজক পৰিগণিত কৰিবলৈ বিচৰা নাই । ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া তেওঁক সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈছিল বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ অকণমান কঠিন। মই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বুলি ক’বলৈ কুন্ঠাবোধ কৰো আৰু জড়িত নহয় বুলি ক’বলৈও মই পাজুলত পৰো। কিয়নো এই বিশাল সংগীত ক্ষেত্ৰখনত জড়িত হোৱাটো বহু দূৰৰ কথা; মই যদি অকণমান নিজৰ ভৰিখন সোমোৱাই থ’বলৈ সুবিধা পাওঁ তেতিয়াহ’লে ই বৰ বেছি সোভাগ্যৰ কথা হ’ব মোৰ বাবে। ইয়াত নিজকে সম্পূৰ্ণৰূপে অন্তৰ্ভূক্ত কৰিবলৈ সাধনাৰ লগতে কষ্টৰ প্ৰয়োজন হয় যিটো সঁচা কথা ক’বলৈ গ’লে মই এতিয়ালৈ নাই কৰা। মই সৰুৰে পৰাই সাংগীতিক এক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈছো।”
তেওঁ আগলৈ কয় যে, “মোৰ ককা, বৰদেউতা, দেউতা, পেহীহঁত সংগীতৰ সৈতে জড়িত আছিল বাবেই মইও সৰুৰ পৰাই সংগীতক ভাল পাই পেলাইছিলো কিন্তু সংগীতক মই কোনোদিন পেচা হিচাপে লোৱা নাই আৰু ভৱিষ্যতলৈও এনে ধৰণৰ কোনো পৰিকল্পনা কৰা নাই; সংগীত ভাল পাওঁ বাবেহে মই কৰি আছো। গতিকে এই ক্ষেত্ৰখনত জড়িত হয় নে নহয় বুলি প্ৰশ্ন কৰিলে মোৰ এই পাজুলটো আহি পৰে। ইয়াৰ পিছত, মোৰ প্ৰথমটো ৰেকৰ্ডিং গীত আছিল ২০১৫ চনত অনুপম শইকীয়াৰ “গামোচা” শীৰ্ষক এলবামটোৰ “ৰঙা নৈ মথাউৰি ভাঙিলে” নামে গীতটো। তাৰ পিছতেই আচলতে, লাহে লাহে কিছু গীত কৰি গৈ আছো। মই এনে গীত ভাল পাঁও য’ত এখন সমাজৰ কিছু তথাকথিত ব্যৱস্থা অথবা নিয়ম-নীতিক স্বতঃৰ্স্ফূতভাৱে মই গীত আকাৰে দাঙি ধৰিব পাৰো। এনে কিছু গীত কৰিছো; হয়টো কিছুমানে ভাল পাইছে আৰু কিছুমান হয়টো এতিয়ালৈ শুনাই নাই তথাপিও কৰিবলৈ চেষ্টা কৰি আছো।” শেহতীয়াকৈ তেওঁৰ ৰাজনৈতিক পৰিস্থিতিৰ আধাৰ লৈ ৰচনা কৰা গীতটোৰ বিষয়ত প্ৰশ্ন কৰাত তেওঁ কয় যে,
“এই গীতটি “লক-ডাউন” হোৱাৰ হয়টো চাৰি-পাঁচ দিন আগত আমি বনাইছিলো। আৰু, এইটোৱে মোৰ এনেকুৱা বিষয়বস্তুক লৈ কৰা প্ৰথমটো গীত নাছিল; ইয়াৰ আগতেও এনে গীতৰ নিৰ্মাণ মই কৰিছো। প্ৰথমে কৰা এনে এটি গীতৰ নাম আছিল “দেউতা হ’লে মন্ত্ৰী”; তাৰ পিছত এনে বিষয়বস্তুক লৈ নিৰ্মাণ কৰিছিলো এটি বিহুসুৰীয়া গীত “অসমৰে চাহপাত” বুলি আৰু “আং বাং” বুলিও মই এটি গীত কৰিছো। এনে ধৰণৰ গীত মই পূৰ্বৰ পৰা কৰিছো যদিও শেহতীয়াকৈ কৰা গীতটিক ৰাইজে অকণমান বেছি মৰম দিলে; গতিকে পৰিকল্পনা আছে। কেৱল ৰাজনৈতিক পটভূমিতেই নহয়; সমাজত ঘটি থকা কিছু ঘটনা বা কাহিনীৰ আধাৰ লৈ গীত আকাৰে তুলি ধৰিবলৈ আগৰ পৰা চেষ্টা কৰি আছো বা কৰি যাম। উক্ত গীতটিৰ পিছতেই মই আকৌ এটা গান কৰিছিলো “নিশব্দ গুৱাহাটী” বুলি; “লক-ডাউন” ত গুৱাহাটী মহানগৰীৰ অৰ্থাৎ মই থকা চহৰ খনৰ অৱস্থাক দাঙি ধৰিছিলো গীতটিৰ জৰিয়তে। তেনেকৈয়ে কৰি গৈ আছো আৰু…।”
ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পৰিকল্পনা বুলিবলৈ বৰ্তমান তেনে একো নাই কিন্তু য’ত যেনেদৰে সুবিধা পাওঁ তেনেদৰে মই কৰি গৈ থাকো। কৰিম আৰু তেনে কাম যিবোৰ মই ভাল পাঁও বা ভাল দেখো; বিশেষ একো তেনে নাই।”
Add comment