Rupaliparda.com
বিতৰ্কিত "কা" ৰ পিছত আন এখন খচৰাঃ অভিনেতা মনোজ বৰকটকীৰ আপত্তি দাখিল- 1

বিতৰ্কিত “কা” ৰ পিছত আন এখন খচৰাঃ অভিনেতা মনোজ বৰকটকীৰ আপত্তি দাখিল-

বিৰ্তকিত “কা” ৰ পিছত এইবাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ উলিয়াই অনা হৈছে EIA 2020 অৰ্থাৎ Enviromental Impact Assessment নামে এখন খচৰা। এই খচৰা খন যদিহে এখন আইনলৈ পৰিণত হয় তেনেহ’লে ই অসমবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ পৰা কাঢ়ি নিব তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ। এই খচৰা খন আইনলৈ পৰিণত হোৱাৰ পিছতেই ভিন্ন মূল্যৱান সম্পদ তথা জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই সম্পদৰ অবাধ লুণ্ঠন হ’লেও ইয়াৰ বিৰোধিতা কৰাৰ ক্ষমতা হেৰুৱাব জনসাধাৰণে। এই আইনখনৰ বিৰোধিতাত নামিছে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ লগতে অসমীয়া শিল্পী সকলো। “Say No To EIA” শীৰ্ষক এটি শ্লোগানেৰে চচিয়েল মিডিয়াত আৰম্ভ কৰা হৈছে এক প্ৰক্ৰিয়া। বৰ্তমান এই প্ৰক্ৰিয়াত ভাগ লৈছে অভিনেতা মনোজ বৰকটকীও; ইনষ্টাগ্ৰাম যোগে এটি ভিডিঅ’ আপলোড কৰি এই আটাইসমূহ কথা ব্যক্ত কৰে অভিনেতা গৰাকীয়ে।

বিতৰ্কিত "কা" ৰ পিছত আন এখন খচৰাঃ অভিনেতা মনোজ বৰকটকীৰ আপত্তি দাখিল- 2


মনোজ বৰকটকীয়ে ভিডিঅ’টোৰ জৰিয়তে প্ৰতিজন সচেতন নাগৰিক আৰু প্ৰকৃতিপ্ৰেমীক এই খচৰাখনৰ বিৰুদ্ধে অহা ১১ আগষ্টৰ ভিতৰত আপত্তি দাখিল কৰিবলৈ আহ্বান জনায়। চাওঁক এই ভিডিঅ’টোঃ

View this post on Instagram

CAA ৰ দৰেই ভয়ংকৰ EIA_2020 ইতিমধ্যে আপোনালোক জ্ঞাত হৈছে EIA_2020 খচৰা খনৰ বিষয়ে। এই আইন খন গৃহীত হলে আমি হেৰুৱাই পেলাম চিৰ দিনলৈ প্ৰতিবাদ কৰাৰ শক্তি। বিভিন্ন মূল্যবান সম্পদ আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ আমাৰ প্ৰকৃতিৰ ধ্বংস লীলা চলাই সম্পদৰ অবাধ লুণ্ঠন হলেও আমাৰ নাথাকিব বিৰোধিতা কৰাৰ অধিকাৰ। আপত্তি দাখিলৰ শেষসীমা 11 আগষ্ট। গতিকে আহক প্ৰতিজন সচেতন নাগৰিক, প্ৰকৃতিপ্ৰেমীয়ে সময়ৰ সদ ব্যৱহাৰ কৰি এই খচৰা খনৰ বিৰুদ্ধে আপত্তি দাখিল কৰো। যোগদান কৰোঁ 6 August Mail Storm কাৰ্যসূচীত। জয় আই অসম✊✊✊ বি:দ্ৰ: যিহেতু একেধৰণৰ মেইল 10তাতকৈ অধিক SEND কৰিলে সেইটো মেইল SPAM লৈ পৰিৱৰ্তিত হয়। গতিকে আমি তলত সামগ্ৰিক ভাৱে থুলমূলকৈ মূল বিষয় খিনিৰ এটা চমু আভাষ দিবলৈ যত্ন কৰিছো। আপোনালোকে নিজৰ নিজৰ ভাষাত মেইল *(Email)* কৰি EIA_2020 ৰ বিৰুদ্ধে আপত্তি দাখিল কৰি জাতিৰ প্ৰতি, প্রকৃতিৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰক। আমাৰ কথা:- 1. The EIA new draft 2020 allows post-facto clearance. This means that even if a project has come up without environment safeguards or without getting environment clearances, it could carry out operation under the provision of the new draft EIA 2020. 2. The new draft exempts a long list of projects from public consultation. For example, linear projects such as roads and pipelines in border areas will not require any public hearing. The ‘border area’ is defined as “area falling within 100 kilometres aerial distance from the Line of Actual Control with bordering countries of India.” That would cover much of Assam and the Northeast, the repository of the country’s richest biodiversity. So our rights to raise questions, our rights to raise our concerns will be diluted. 3. While projects concerning national defence and security are naturally considered strategic, the government gets to decide on the “strategic” tag for other projects. The 2020 draft says no information on “such projects shall be placed in the public domain”. This opens a window for summary clearance for any project deemed strategic without having to explain why. 4. The new Draft EIA Notification reduces the time period of receiving public response from 30 to 20 days. For project-affected people, who are frequently forest dwellers or otherwise do not have access to information and technology, this will make it

A post shared by Monuj Borkotoky (@monuj_borkotoky04) on


শিৱসাগৰত জন্মগ্ৰহণ কৰা মনোজ বৰকটকী বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত। অসমীয়া ছবিত কৰা অভিনয়ৰ লগতে অভিনেতা গৰাকীয়ে নিজেও পৰিচালনা কৰি উলিয়াইছে কেইবাখনো চুটি ছবি। ইতিমধ্যে তেওঁৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিয়ে লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো মনোনয়ন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform