প্ৰতিটো সময়ত একোটা বেয়া খবৰেই যেন টোকোৰ মাৰিছে দুৱাৰত; এপিনে য’ত ক’ৰোনাৰ সন্ত্ৰাস আনপিনে ৰাজ্যত প্ৰাকৃতিক দূৰ্যোগ বানপানীৰ বিভীষিকা। এফালৰ সামাজিক সংক্ৰমণৰ বলি হৈছে হাজাৰ হাজাৰ লোক আৰু তাৰ বিপৰীতে বানপানীয়ে প্ৰাণ লৈছে শ শ পৰিয়ালৰ। চাৰিওঁফালে সৃষ্টি হৈছে হাঁহাকাৰময় পৰিস্থিতিৰ। বিভিন্ন ঠাইৰ বৰ্নাত্যক সহায় আগবঢ়াবলৈ সৰ্বসাধাৰণ ৰাইজৰ সৈতে আগবাঢ়ি আহিছে এতিয়া অসমীয়া শিল্পী সকলো। সমান্তৰালকৈ, বিভিন্ন পৰিস্থিতিত ৰাইজক সহযোগ কৰা লগতে প্ৰকৃতিপ্ৰেমী কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰও কাষ চাপে বানপীড়িত সকলৰ। ধনশিৰি চাইক্লিং ক্লাৱৰ সদস্য সকলৰ সৈতে লগ হৈ এই পদক্ষেপ গ্ৰহণ কৰে কন্ঠশিল্পী গৰাকীয়ে। আচলতে, কন্ঠশিল্পী এগৰাকীৰ সংগীতৰ সমান্তৰালকৈ থকা সামাজিক দায়বদ্ধতাই আপ্লুত কৰে জনসাধাৰণক।


কাজিৰঙাৰ দাঁতিকাষৰীয়া গাঁও শিলজুৰি আৰু গোসাঁনীবৰ গাঁওৰ মুঠ ২০০ টা পৰিয়ালৰ কাষ চাপি তেওঁলোকক দৈনিক ব্যৱহাৰৰ বাবে সামগ্ৰী প্ৰদান কৰাৰ উপৰিও চেনিটাৰী নেপকিন প্ৰদান কৰে। ইয়াৰ লগতে, ধনশিৰি চাইক্লিং ক্লাৱৰ সদস্য আৰু আচুৰ্য্য বৰপাত্ৰই লগ হৈ সম্প্ৰতি পৰিস্থিতিত শিক্ষাৰ পৰা বঞ্চিত হৈ থকা একাংশ শিশু সকলৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক কিছু কুইজৰ কিতাপ, সাধু কিতাপ, কাগজ, কলম আৰু পেঞ্চিলো আগবঢ়ায়। কন্ঠশিল্পী গৰাকীৰ এই পদক্ষেপত বৰ্তমান উৎসাহিত সাধাৰণ ৰাইজো।
Add comment